ৰহা, ১ জানুৱাৰী :অতীতত শিষ্যই গুৰুক গুৰুক ব্ৰহ্মাৰ দৰে জ্ঞান কৰিছিল (Teacher Student relationship) ৷ এই বিষয়টো সৰ্বজনবিদিত আৰু সমাদৃত । ইতিহাসৰ পৃষ্ঠা মেলি চালে ভাৰতীয় দৰ্শনত গুৰু-শিষ্যৰ পৱিত্ৰ আৰু মধুৰ সম্পৰ্কৰ অলেখ উদাহৰণ পোৱা যায় ৷ আগতে শিষ্যই গুৰুৰ বাক্য পালন কৰিবৰ বাবে আনকি জীৱন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ৷ আনকি গুৰু বাক্য পালনৰ বাবেই একলব্যই নিজৰ সোঁহাতৰ বুঢ়া আঙুলি কাটি গুৰু-দক্ষিণা দিছিল ৷ একেদৰে গুৰুৱে অনাহাৰে থাকিবলৈ কোৱা বাবেই উপমুন্যৱে ভোকত থাকিব নোৱাৰি আকণ গছৰ পাত খাই দৃষ্টিশক্তি হেৰুৱাইছিল । সেইবাবে আজিও গুৰুসকলক শ্ৰেষ্ঠ আসনত বহুওৱা হয় ।
ছাত্ৰ আৰু শিক্ষাগুৰুৰ পবিত্ৰ সম্পৰ্ক কিমান মধুৰ হ'ব পাৰে তেনে এক দৃশ্য প্ৰত্য়ক্ষ কৰা হৈছে ৰহা সমষ্টিৰ এখন বিদ্যালয়ত (Teachers farewell in Raha)। এই দৃশ্য় প্ৰত্য়ক্ষ কৰিলে আপুনিও আৱেগিক হৈ উঠিব । এই দৃশ্য় ৰহা সমষ্টিৰ প্ৰমিলা পঞ্চায়তৰ অন্তৰ্গত ২নং মিছামাৰী বিবেকানন্দ মধ্য ইংৰাজী বিদ্যালয়ৰ (Misamari Vivekananda middle English School) । বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা প্ৰতিষ্ঠাপক সদস্য ধীৰেশ চন্দ্ৰ বৈশ্যৰ ৩১ ডিচেম্বৰত অবসৰৰ দিনটোত আৱেগিক হৈ পৰিল ছাত্ৰ-ছাত্ৰী,শিক্ষক তথা অভিভাৱকসকল ।