অসম

assam

ETV Bharat / state

কলিয়াবৰত কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপনৰ প্ৰস্তুতি - কলিয়াবৰ

কলিয়াবৰত সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত নগাঁও জিলা সমিতিৰ সহযোগত আৰু কলিয়াবৰ শিক্ষা খণ্ড সমিতিৰ ব্যৱস্থাপনাত কেন্দ্ৰীয়ভাৱে "শিক্ষক দিৱস" উদযাপনৰ প্ৰস্তুতি ৷

কলিয়াবৰত কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপনৰ প্ৰস্তুতি

By

Published : Aug 30, 2019, 9:43 AM IST

কলিয়াবৰ,30 আগষ্টঃ চলিত বৰ্ষত বিশ্ব-বিশ্ৰুত দাৰ্শনিক, পণ্ডিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱসটি কেন্দ্ৰীয়ভাৱে পালন কৰিব টেট উৰ্ত্তীণ শিক্ষক-শিক্ষয়ত্ৰীসকলে । এই কথা কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়াই কলিয়াবৰত আয়োজিত এক সংবাদ মেলত ঘোষণা কৰে ।

কলিয়াবৰত কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপনৰ প্ৰস্তুতি
সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ উদ‍্যোগত ৫ ছেপ্তেম্বৰ, ২০১৯ তাৰিখে কেন্দ্ৰীয়ভাবে কলিয়াবৰৰ কুঁৱৰীটোলস্থিত মুক্তি যুঁজাৰু স্মৃতি ভৱন প্ৰেক্ষগৃহত নগাঁও জিলা সমিতিৰ সহযোগত আৰু কলিয়াবৰ শিক্ষা খণ্ড সমিতিৰ ব্যৱস্থাপনাৰে দিনযোৰা কাৰ্যসূচীৰে শিক্ষক দিৱসটি উদযাপন কৰা হ'ব ।

স্থানীয় বিধায়ক তথা জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰিবলগীয়া শিক্ষক দিৱসৰ মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, স্বাস্থ্য,বিত্ত, গড়কাপ্তানী আৰু পেঞ্চন বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় সাংসদ গৌৰৱ গগৈ, সৰ্বশিক্ষা অভিযানৰ মিচন সঞ্চালক চমছেৰ সিঙকে আদি কৰি অতিথি ৰূপে উপস্থিত থাকিব।

ABOUT THE AUTHOR

...view details