নগাঁও, 5 ছেপ্টেম্বৰ :সোমবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় শিক্ষক দিৱস (Teachers Day 2022) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নগাঁৱৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী (Teachers day celebrated in Nagaon)। নগাঁৱৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লেখক তথা সমালোচক ময়ূৰ বৰাই ।
শিক্ষক দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে লেখক ময়ূৰ বৰাই । ৰোহিংগিয়াক ভাৰতে লোৱা প্ৰসংগৰ বিৰোধিতা কৰি শিক্ষাবিদ ময়ূৰ বৰাৰ মন্তব্য, ‘‘ভাৰতত স্বাধীনতাৰ আগৰে পৰা প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ ঘটিয়েই আছে । অনুপ্ৰৱেশকাৰী মানুহকলৈ এচাম ৰাজনীতিবিদে অসমৰ মানুহক বিপদত পেলাই ভোট বেংক নিৰ্মাণ কৰিছিল । ৰোহিঙীয়াৰ বোজা পৃথিৱীৰ অন্য দেশে লওঁক’’ ৷
ইয়াৰ লগতে জেহাদীৰ প্ৰসংগতো লেখক ময়ূৰ বৰাই কয়, ‘‘জেহাদীৰ পক্ষত আমি বিন্দু মাত্ৰও সহানুভূতি দেখুৱা উচিত নহয় । জেহাদীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে । জেহাদীৰ বিৰুদ্ধে আৰক্ষী আৰু ৰাজনৈতিক মহলে সষ্টম হৈ যি ব্যৱস্থা লৈছে তাত আমাৰ একো আপত্তি নাই’’ ।