বটদ্ৰৱা,৩ এপ্ৰিলঃ চেকনিৰ আগত বিদ্যাৰ পৰিৱৰ্তে বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্য়ৱস্থাৰ প্ৰচলন হৈ থকাৰ সময়তে শিক্ষকৰ প্ৰহাৰত এগৰাকী কণমাণি ছাত্ৰী আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বটদ্ৰৱাত । বটদ্ৰৱাৰ সমীপৰ জুৰীয়া গৰৈমাৰীৰ জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত গৰৈমাৰীপাম মুক্তাব বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ।
নিৰ্দয় শিক্ষক; আহত ছাত্ৰী - শাৰীৰিক অত্যাচাৰ
প্ৰতিদিনেই ছাত্ৰ-ছাত্ৰীক শাৰীৰিক অত্য়াচাৰ চলোৱাৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে
শ্ৰেণী কোঠাত হুলস্থুল কৰাৰ বাবেই শিক্ষক বসন্ত কুমাৰ শইকীয়াই নিৰ্দয়ভাৱে হাত,ভৰি,পিঠিত প্ৰহাৰ কৰাত ফুৰহিনাৰ লগতে আহত হয় আন কেইবাগৰাকী ছাত্ৰী। কনমাণি ছাত্ৰী ফুৰহিনাৰ আঘাত গুৰুতৰ হৈ পৰাত চিকিৎসাধীন হ'ব লগা হয় । ঘটনা সন্দৰ্ভত ছাত্ৰী কেইগৰাকীৰ অভিভাৱকে শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । স্থানীয় ৰাইজ আৰু দল সংগঠনৰ দাবী বিদ্যালয়ৰ শ্ৰেনী কোঠাত তালিবানীশাস্তি প্রদান কৰা সহকাৰী শিক্ষক বসন্ত কুমাৰ শইকীয়াক শিক্ষা বিভাগে দিয়ক দৃষ্টান্তমূলক শাস্তি ।