ৰূপহীহাট,20 মাৰ্চ:নিৰ্বাচন আয়োগৰ আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত নামি পৰিছে এগৰাকী শিক্ষক । শনিবাৰে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক নুৰুল হুদাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল আব্দুল বাৰেক নামৰ শিক্ষক গৰাকী । লাওখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত পূৱ হাতীপাৰা ছিদ্দিকীয়া মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল বাৰেক ।
নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি প্ৰচাৰত নামিল এজন শিক্ষক - বিধায়ক নুৰুল হুদা
ৰূপহীহাটত নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি উলংঘা কৰি কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাৰ হৈ প্ৰচাৰ সভাত উপস্থিত শিক্ষক ৷ পূৱ হাতীপাৰা ছিদ্দিকীয়া মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষক আব্দুল বাৰে নামিল নিৰ্বাচনী প্ৰচাৰত ৷
নিৰ্বাচনী প্ৰচাৰ সভাত এজন শিক্ষক
প্ৰধান শিক্ষক আব্দুল বাৰেকৰ পত্নী তথা হাতীপাৰা পঞ্চায়তৰ সভানেত্ৰী হালিমা খাতুনৰ পৃষ্ঠপোষকতাত মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা হৈছিল নিৰ্বাচনী প্ৰচাৰ সভা ৷ উক্ত সভাখনতে প্ৰচাৰ কাৰ্যত ব্যস্ত হৈ আছিল শিক্ষক আব্দুল বাৰেক নামৰ শিক্ষকজন । এইক্ষেত্ৰত এজন শিক্ষকে নিৰ্বাচনৰ আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলোৱাৰ বিৰূদ্ধে প্ৰশাসনে কিবা আইনগত ব্যৱস্থা ল'বনে নলয় সেয়া সময়তহে লক্ষণীয় হ'ব।
লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীৰ চাবুৱা ভ্ৰমণৰ প্ৰাকমূৰ্হুতত আছুৰ প্ৰতিবাদ