বঢ়মপুৰ, ৬ ফেব্ৰুৱাৰী:সৰুসজাই ষ্টেডিয়ামত শিক্ষা বিভাগে দিয়া বৃহৎ শিক্ষক নিযুক্তিত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ নগাঁও জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক নিযুক্তিত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিদ্য়ালয়খনৰ সহকাৰী শিক্ষক বীৰেণ শইকীয়াই ৷ অভিযোগ অনুসৰি বিদ্যালয়খনত প্ৰধান শিক্ষকসহ তিনিগৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰিছে শিক্ষা বিভাগে কিন্তু বিনা বেতনে দীৰ্ঘদিন ধৰি শিক্ষা দান কৰা সহ শিক্ষক বীৰেণ শইকীয়াৰ বিপৰীতে লিন্টুমণি বৰা নামৰ এগৰাকী হিন্দী শিক্ষকক নিযুক্তি প্ৰদান কৰিলে শিক্ষা বিভাগে ৷
নগাঁও জিলাত শিক্ষক নিযুক্তিত বিসংগতি ! - teacher appointment
নগাঁৱৰ বঢ়মপুৰৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক নিযুক্তিত বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । নিযুক্তি বিসংগতিকলৈ চৰকাৰক তদন্ত কৰাৰ বাবে আহ্বান বিদ্যালয়খনৰ এজন শিক্ষকৰ ।
![নগাঁও জিলাত শিক্ষক নিযুক্তিত বিসংগতি ! নগাঁও জিলাত শিক্ষক নিযুক্তিত বিসংগতি !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10523894-715-10523894-1612617464144.jpg)
নগাঁও জিলাত শিক্ষক নিযুক্তিত বিসংগতি !
নগাঁও জিলাত শিক্ষক নিযুক্তিত বিসংগতি !
এই বিসংগতিৰ ফলতে মানসিকভাৱে ভাগি পৰিছে বীৰেণ শইকীয়া নামৰ শিক্ষকজন ৷ বিদ্যালয় খনত হোৱা শিক্ষক নিযুক্তি বিসংগতি সন্দৰ্ভত শুকুৰবাৰে এখন সাধৰণ সভাৰো আয়োজন কৰা হয় ৷ সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰু প্ৰসাদ শৰ্মাই সকলো শিক্ষকৰ নথি পত্ৰ শিক্ষা বিভাগক যোগান ধৰাত বিসংগতি কৰা নাই বুলি মন্তব্য কৰিছে ৷ এতিয়া প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে নিজ হাতে গঢ়া বিদ্যালয় খনত চৰকাৰী নিযুক্তিৰ পৰা বঞ্চিত হ'ল শিক্ষক বীৰেণ শইকীয়া ৷ ইয়াৰ এক উচিত তদন্ত দাবী কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে ৷