অসম

assam

ETV Bharat / state

পুৰণিগুদাম আঞ্জুমান-ই-ইছলামীয়াই নিষিদ্ধ কৰিলে তবলিগী জামাত - তবলিগী জামাতী

ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে অনুষ্ঠিত হোৱা এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

Tabligjamat banned by Puronigudam Anjuman-e-islamia
পুৰণিগুদাম আঞ্জুমান-ই-ইছলামীয়াই নিষিদ্ধ কৰিলে তবলীগ জামাত

By

Published : Apr 20, 2020, 12:06 PM IST

Updated : Apr 20, 2020, 12:40 PM IST

নগাঁও,20 এপ্ৰিল:দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ পুৰণিগুদামৰ "আঞ্জুমান-ই-ইছলামীয়া"ই গ্ৰহণ কৰিছে কেবাটাও গুৰুত্বপূৰ্ণ আৰু ইতিবাচক সিদ্ধান্ত ৷ আঞ্জুমান- ই-ইছলামীয়া"ৰ 15 জন সদস্যৰ উপস্থিতিত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে অনুষ্ঠিত হোৱা এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ সিদ্ধান্ত অনুসৰি পুৰণিগুদামৰ "অঞ্জুমান-ই-ইছলামীয়া" অন্তৰ্ভুক্ত চাৰিওটা মছজিদলৈ আন কোনো স্থানৰ পৰা অনিৰ্দিষ্ট কাললৈ তবলিগী জামাতী আহিব নোৱাৰিব আৰু পুৰণিগুদামৰ "অঞ্জুমান-ই-ইছলামীয়া" অন্তৰ্ভুক্ত কোনো ব্যক্তি তবলিগী জামাতৰ বাবে আন স্থানলৈ যাব নোৱাৰিব ৷ একপ্ৰকাৰে অনিৰ্দিষ্ট কালৰ বাবে পুৰণিগুদামত নিষিদ্ধ ঘোষিত কৰা হৈছে ইছলাম ধৰ্মীয় তবলিগী জামাত ৷

পুৰণিগুদাম আঞ্জুমান-ই-ইছলামীয়াই নিষিদ্ধ কৰিলে তবলীগ জামাত

উল্লেখ্য যে সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি উক্ত সভাতে এইবাৰ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে,একদৰে পবিত্ৰ ৰমজান মাহ উপলক্ষে অতীতৰ পৰা পৰম্পৰা অনুযায়ী ৰমজান মাহৰ নিশা অনুষ্ঠিত হোৱা বিশেষ তাৰাবীৰ সমূহীয়া নামাজো বাতিল কৰা হৈছে ৷ ইফালে এই সভাৰ পৰা চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া সকলো নীতি নিয়ম আখৰে-আখৰে মানি চলি সামাজিক দুৰত্ব বজাই ৰাখিবলৈ পুৰণিগুদামৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোক সকলক বিনম্ৰ ভাৱে অনুৰোধ জনাইছে সভাত উপস্থিত বিষয়ববীয়া সকলে ৷

লগতে পঢ়কঃ ৰাজ্যৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰিব মাস্ক : নৱ কুমাৰ দলে

Last Updated : Apr 20, 2020, 12:40 PM IST

ABOUT THE AUTHOR

...view details