অসম

assam

ETV Bharat / state

কাৰ ছত্ৰছায়াত বহিঃৰাজ্যলৈ চলিছে বাছ সেৱা ? - SOP

সমগ্ৰ ৰাজ্যৰ লগতে দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে চৰকাৰী নিৰ্দেশনাৰ প্ৰতি আওকাণ কৰি ৰাজ্যৰ একাংশ লোকে কেৰালা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ পৰা শ্ৰমিক কঢ়িয়াই অনাৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰশাসনৰ কোনো অনুমতি নোহোৱাকৈয়ে শ্ৰমিকসকলৰ পৰা 4-5 হাজাৰ টকা ভাড়া হিচাপে লৈ নিতৌ ৰাতি শ্ৰমিক অনা নিয়া কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ যাৰ বাবে শংকিত হৈ পৰিছে ৰূপহীবাসীৰ লগতে নগাঁৱবাসী ৷

কাৰ ছত্ৰছায়াত বহিঃৰাজ্যলৈ চলিছে বাছ সেৱা ?
কাৰ ছত্ৰছায়াত বহিঃৰাজ্যলৈ চলিছে বাছ সেৱা ?

By

Published : Apr 27, 2021, 12:55 PM IST

ৰূপহীহাট,27 এপ্ৰিল: ৰাজ্যত মহামাৰী কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰূপহীহাটত পোহৰলৈ আহিছে এক ভয়ংকৰ ছবি ৷ কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈ ৰূপহীহাট ভৰি পৰিছে বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকেৰে ৷ সমগ্ৰ ৰাজ্যৰ লগতে দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে চৰকাৰী নিৰ্দেশনাৰ প্ৰতি আওকাণ কৰি ৰাজ্যৰ একাংশ দুষ্ট লোকে কেৰালা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ পৰা শ্ৰমিক কঢ়িয়াই অনাৰ তথ্য পোহৰলৈ আহিছে ৷

কাৰ ছত্ৰছায়াত বহিঃৰাজ্যলৈ চলিছে বাছ সেৱা ?

প্ৰশাসনৰ কোনো অনুমতি নোহোৱাকৈয়ে শ্ৰমিকসকলৰ পৰা 4-5 হাজাৰ টকা ভাড়া হিচাপে লৈ নিতৌ ৰাতি শ্ৰমিক অনা নিয়া কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ যাৰ বাবে শংকিত হৈ পৰিছে ৰূপহীবাসীৰ লগতে নগাঁৱবাসী ৷ চৰকাৰ তথা প্ৰশাসনৰ SOP উলংঘনেৰে এনেদৰে বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকসকলে মানি চলা নাই কোনো ক'ভিড প্ৰট'কল ৷ মুখত নাই কোনো ধৰণৰ মাস্ক, নাই কোনো সামাজিক দূৰত্ব ৷

কাৰ ছত্ৰছায়াত বহিঃৰাজ্যলৈ চলিছে বাছ সেৱা ?

দৈনিক শ শ শ্ৰমিকক প্ৰশাসনৰ চকুত ধূলি মাৰি এনেদৰে বাছেৰে অনা-নিয়া কৰা কাৰ্য পোহৰলৈ অহাত জুৰীয়া আৰক্ষীয়ে জব্দ কৰে কেৰালাৰ এখন নৈশ বাছ ৷ কাৰ ছত্ৰছায়াত শ্ৰমিকক অনা-নিয়া হৈছে, এই বিষয়ে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে সচেতন ৰাইজে ৷ অন্যথা অতি কম সময়ৰ ভিতৰতে অসমত দিল্লী আৰু মহাৰাষ্ট্ৰৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি শংকিত হৈ পৰিছে জিলাবাসী ৷

লগতে পঢ়ক: চাবুৱাত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

ABOUT THE AUTHOR

...view details