অসম

assam

ETV Bharat / state

মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ প্ৰতীকী প্ৰতিবাদ চামগুৰি সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত - প্ৰতীকী প্ৰতিবাদ চামগুৰিত

চামগুৰি সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ সন্দৰ্ভত প্ৰতীকী চিহ্নৰ জৰিয়তে প্ৰতিবাদ ৷ শীঘ্ৰে মাজুলীৰ সৈতে সংযোগ কৰক দংল- এই প্ৰতিবাদ চামগুৰিৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ ৷

Symbolic protest of Majuli ferry accident at samoguri
আউনীআটি সত্ৰৰ বৰনামঘৰ

By

Published : Oct 10, 2021, 5:13 PM IST

চামগুৰি, 10 অক্টোবৰ : অভিশপ্ত 8 ছেপ্তেম্বৰ ৷ কাহানিও পাহৰিব নোৱাৰা 8 ছেপ্তেম্বৰৰ মাজুলীৰ সেই ফেৰী দুৰ্ঘটনা ৷ কিন্তু বৰ্তমান সময়ৰ সোঁতত যেন এতিয়া সকলো পাহৰণিৰ গৰ্ভত ৷ ৰজা ঘৰীয়াৰ মাজতো যেন এতিয়া মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ সেই প্ৰসংগৰ ম্লান পৰিছে ৷

মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ প্ৰতীকী প্ৰতিবাদ চামগুৰি সাৰ্বজনীন দূৰ্গা পূজা মণ্ডপত

কিন্তু সৰ্বসাধাৰণ মানুহে আজিও পাহৰিব পৰা নাই নিমাতীৰ সেই ফেৰী দুৰ্ঘটনাৰ কথা ৷ আজিও সেই কথা ভাবিলে কঁপি উঠে প্ৰতিজন সচেতন ব্যক্তিৰে হৃদয় ৷ অভিশপ্ত মাজুলীৰ সেই ফেৰী দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা বিক্ৰমজিৎ বৰুৱা, পৰিমিতা দাস, ইন্দ্ৰেশ্বৰ বৰাক স্মৰণ কৰি চামগুৰিৰ যুৱক সকলে হাতত লৈছে এক প্ৰসংশনীয় পদক্ষেপ ৷

মাজুলীৰ সেই ফেৰী দুৰ্ঘটনাৰ আলমত নগাঁৱৰ চামগুৰিত স্থানীয় যুৱক সকলে সাজি উলিয়াইছে চামগুৰিৰ দুৰ্গা পূজাৰ মণ্ডপ ৷

লগতে পঢ়ক :ডিব্ৰুগড়ৰ অতিকৈ পুৰণি এখনি শক্তিপীঠত চলিছে পূজাৰ প্ৰস্তুতি

মাজুলীৰ ফেৰী দুৰ্ঘটনা এক প্ৰতীকী প্ৰতিবাদ স্বৰূপে সাজি উলিওৱা হৈছে এই দুৰ্গা পূজাৰ মণ্ডপস্থলী ৷ আনকি এই পূজা মণ্ডপস্থলীৰ পৰাই যোৰহাট-মাজুলী সংযোগী এখন দলং শীঘ্ৰে নিৰ্মাণৰ দাবী উত্থাপন কৰিছে আয়োজকসকলে ৷ লগতে সত্ৰ নগৰী মাজুলীৰ বিশ্ব বিখ্যাত মুখা শিল্পয়ো স্থান লাভ কৰিছে এই পূজা মণ্ডপস্থলীত ৷

১২২ বছৰ গৰকা চামগুৰি সাৰ্বজনীন দুৰ্গা পূজা ভাগ দৰ্শন কৰিবলৈ আহিলে নিশ্চয় আপুনিও দেখা পাব নদীদ্বীপ মাজুলীৰ বহু সজীৱ চানেকি । যাক সুন্দৰ ৰূপত উপস্থাপন কৰিবৰ বাবে এতিয়া অহৰ্নিশে হাতে-কামে লাগিছে উদ্যোক্তা সকলৰ লগতে স্থানীয় যুৱক সকল । যুৱক সকলে চামগুৰিস্থিত আউনীআটি সত্ৰৰ বৰনামঘৰ প্ৰাংগণত পূজা মণ্ডপস্থলী নিৰ্মাণ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷

উল্লেখ্য যে, এই প্ৰতিকৃ চিহ্ন সমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰি ষষ্ঠীৰ পুৱাই পূজা থলীত সংস্থাপিত কৰা হ'ব বুলি জানিবলৈ দিয়ে সম্প্ৰতি কৰ্মব্যস্ত যুৱক সকলে ।

লগতে পঢ়ক :যোৰহাটত দুৰ্গা প্ৰতিমাৰ অন্তিম পৰশত ব্যস্ত মৃৎ শিল্পী

ABOUT THE AUTHOR

...view details