নগাঁও, 12 এপ্ৰিল: নগাঁৱৰ বেঙেনাআটি হীৰাগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Suspected murder case in Nagaon) ৷ বুধবাৰে পুৱাই চিপ লোৱা অৱস্থাত উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ (Woman body recovered) ৷ স্বামী পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে বোৱৰীগৰাকীৰ পৰিয়ালে ৷ যৌতুকৰ বাবে স্বামী আৰু স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ ভাতৃয়ে (Allegation against woman husband) ৷
ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে পুৱাই চিপ লৈ থকা অৱস্থাত শ্বৰিফা বেগম নামৰ বোৱাৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰা হয় ৷ বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি ওচৰৰ লোকে খবৰ দিয়াৰ পিচতে পৰিয়ালৰ লোক আহি বেঙেনাআটিত উপস্থিত হয় (Woman mysterious death in Nagaon) ৷ পৰিয়ালৰ লোকে আহি মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিচতে শ্বৰিফা বেগমে আত্মহত্যাৰ কৰিছে বুলি কোনো কাৰণতে মানি ল'ব বিচৰা নাই পৰিয়ালৰ লোকে ৷
শ্বৰিফাৰ ভাতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত কোৱা অনুসৰি দীর্ঘদিন ধৰি শ্বৰিফা বেগমৰ স্বামী আনছাৰুল ইছলামে পত্নীক যৌতুকৰ নামত ধন বিচাৰি মাতৃগৃহলৈ পঠিয়াইছিল (Suspected murder case for dowry)৷ পৰিয়ালৰ লোকে শ্বৰিফাৰ কথা শুনি ধন দিও পঠিয়াইছিল ৷ শেহতীয়াকৈ শ্বৰিফাক পুনৰ ধন বিচাৰি নিৰ্যাতন চলাই আহিছিল স্বামী আনছাৰুলে ৷ এনে অৱস্থাত মহিলাগৰাকীৰ আত্মহত্যাক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে ৷ স্বামী আনছাৰুল ইছলামৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে শ্বৰিফাৰ পিতৃ পৰিয়ালৰ লোকে ।