কলিয়াবৰ, 15 জানুৱাৰীঃ ভোগালী বিহুৰ উৰুকাৰ নিশা কলিয়াবৰ আৰক্ষীয়ে এজন সন্দেহযুক্ত আলফা লিংকমেন গ্ৰেপ্তাৰ কৰে৷ আটকাধীন লোকজন কলিয়াবৰৰ বালিদুৱাৰ গাঁৱৰ নিতু বৰা বুলি জানিব পৰা গৈছে৷ সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ লগত যোগাযোগ থকাৰ সন্দেহত নিজ বাসভৱনৰ পৰাই নিতুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
কলিয়াবৰত সন্দেহযুক্ত আলফা লিংকমেন গ্ৰেপ্তাৰ - মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস
নিতু বৰা নামৰ যুৱক এজনে ফেচবুক আৰু ম'বাইল ফোনৰ যোগে দি আলফাৰ সৈতে যোগাযোগ ৰক্ষা কৰা প্ৰমান লাভ কৰাৰ কথা প্ৰকাশ কৰিছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ৷
আলফা লিংকমেন গ্ৰেপ্তাৰ
উল্লেখ্য যে অভিযুক্ত নিতুয়ে আলফা স্বাধীনৰ কেডাৰৰ লগত ফেচবুক আৰু ফোনযোগে যোগাযোগ ৰক্ষা কৰাৰ উপযুক্ত প্ৰমান পাইছে বুলি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে প্ৰকাশ কৰিছে ৷ আৰক্ষীৰ সূত্ৰৰ মতে 'অভয় অসম'ৰ ওৰফে কৃষ্ণ গগৈৰ নামত থকা ফেচবুক একাউণ্টৰ লগত যোগাযোগৰ উপযুক্ত তথ্য প্ৰমান কলিয়াবৰ আৰক্ষীয়ে লাভ কৰিছে ৷ কেৰালাত কৰ্ম সূত্ৰে থকা নিতু যোৱা 25 দিন ধৰি কলিয়াবৰৰ নিজ গৃহতে আছিল ৷
লগতে পঢ়ক - ছয়গাঁৱৰ অক্ষয় বড়োৱে লাভ কৰিলে ৰূপৰ পদক