অসম

assam

ETV Bharat / state

ধিঙৰ চৰাঞ্চলত পুনৰ মাতাব্বৰৰ সন্ত্ৰাস : অতিষ্ঠ চৰাঞ্চলৰ ৰাইজ - দৰিদ্ৰ কৃষক

ধিঙৰ চৰাঞ্চলত দেৱানী-মাতাব্বৰৰ গুণ্ডাৰাজ । দেৱানী-মাতাব্বৰৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে চৰাঞ্চলৰ দৰিদ্ৰ কৃষক । চান্দা, গুণ্ডাকৰ, ভূমি বেদখল, মিছা গোচৰেৰে হাৰাশাস্তি চৰাঞ্চলৰ সাধাৰণ ৰাইজক ৷

ধিঙৰ চৰাঞ্চলত পুনৰ মাতাব্বৰৰ সন্ত্ৰাস: অতিষ্ঠ চৰাঞ্চলৰ ৰাইজ
ধিঙৰ চৰাঞ্চলত পুনৰ মাতাব্বৰৰ সন্ত্ৰাস: অতিষ্ঠ চৰাঞ্চলৰ ৰাইজ

By

Published : Oct 16, 2021, 7:20 PM IST

চামগুৰি, 16 অক্টোবৰ :ধিঙৰ দাঁতিকাষৰীয়া একাংশ চৰাঞ্চলত দেৱানী-মাতাব্বৰৰ কৰ্ম কাণ্ডই বাৰে বাৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহাটো কোনো নতুন কথা নহয় । এইবাৰ পুনৰ একেই ঘটনা সংঘটিত হৈছে ধিঙৰ পাংৰী চৰত ।

ধিঙৰ চৰাঞ্চলত পুনৰ মাতাব্বৰৰ সন্ত্ৰাস: অতিষ্ঠ চৰাঞ্চলৰ ৰাইজ

জানিবপৰা মতে, ধিঙৰ পৰা মাত্ৰ সাত কিলোমিটাৰ দূৰত্বত থকা এই পাংৰী চৰত বছৰ বছৰ ধৰি চলি আহিছে দেৱানী-মাতাব্বৰৰ ৰাজত্ব । স্থানীয় ভুক্তভোগী ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰ কিম্বা প্ৰশাসন থকা স্বত্বেও এইখন চৰত চলে দেৱানী-মাতাব্বৰ তথা ভূ-মাফিয়াৰ ৰাজত্ব ।

ডকাইত ৰূপী দেৱানী-মাতাব্বৰ তথা ভূ-মাফিয়াৰ দল এটাই বছৰ বছৰ ধৰি চৰাঞ্চলৰ নিৰিহ সাধাৰণ, দৰিদ্ৰ কৃষক সকলক ব্যাপক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে । এই দলটোৱে ভূমি-বেদখল, গুণ্ডাটেক্স, মাৰধৰ, মিছা গোচৰেৰে বহুকেইটা পৰিয়ালক দীৰ্ঘদিনে হাৰাশাস্তি কৰি আহিছে ।

অতি পৰিতাপৰ কথা যে, দৰিদ্ৰ কৃষকক দাবী কৰা চান্দাৰ ধন নাপালেই মাতাব্বৰৰ দলটোৱে আক্ৰমণ কৰি ভাঙি দিয়ে হাত-ভৰি, লৈ যায় গৰু-ম’হ, জ্বলাই দিয়ে ঘৰ-বাৰী, বিভিন্ন থানাত দাখিল কৰে বিভিন্ন ধৰণৰ মিছা গোচৰ । উল্লেখযোগ্য যে, মাতাব্বৰৰ দলটোৱে নিৰীহ আহম্মদ আলী নামৰ লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে থানাত মিছা অভিযোগ দাখিল কৰি হাৰাশাস্তি কৰাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে চৰাঞ্চলৰ ৰাইজ ।

উপায়ন্তৰ হৈ সম্প্ৰতি দেৱানী-মাতাব্বৰৰ বিৰুদ্ধে ওলাই আহিবলৈ বাধ্য হৈছে চৰাঞ্চলৰ শতাধিক ভুক্তভোগী ৰাইজ । অতি শীঘ্ৰে এইসকল দেৱানী-মাতাব্বৰক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে চৰকাৰ-প্ৰশাসনক ভুক্তভোগী লোকসকলক । চৰাঞ্চলত এইসকল দেৱানী-মাতাব্বৰৰ কৰ্মকাণ্ডৰ এয়া কেইটামান উদাহৰণ হে মাথো ।

লগতে পঢ়কঃ পৰম্পৰাগত পোছাকেৰে বালিসত্ৰ বামন গোঁসাই থানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details