নগাঁও, 8 মাৰ্চ :ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA ৰ তথ্যৰ ভিত্তিত মঙলবাৰে নিশা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জেহাদীৰে লিংক থকাৰ সন্দেহত পাঁচ জনকৈ লোকক আটক কৰে নগাঁও আৰক্ষীয়ে (Suspected jihadists arrested in Nagaon) । আটক কৰা লোককেইজনক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । বুধবাৰে পুৱা ধৃত আছিকুল ইছলামক লগত লৈ পুনৰ অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে (Nagaon jihadi updates)।
ধৃত আছিকুলৰ লেপটপৰ সন্ধানত অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । নগাঁৱৰ কোনো সম্পৰ্কীয় ব্যক্তিৰ ঘৰত আছিকুলে লেপটপ লুকুৱাই ৰখাৰ সন্দেহ নগাঁও আৰক্ষীৰ । ইপিনে মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে জেহাদীৰ সন্দেহত আটক কৰা বাহাৰুল ইছলাম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোকে । ধৃত বাহাৰুল ইছলাম মোবাইল মেৰামতিৰ দোকান দি পৰিয়াল পোহপাল দিয়াৰ কথা উল্লেখ কৰি বাহাৰুল ইছলাম পূৰ্বে কোনো অপৰাধজনিত ঘটনাৰ সৈতে জড়িত নথকা বুলি দাবী কৰিছে স্থানীয় ৰাইজে ।
পূৰ্বে বাহাৰুল ইছলামৰ এটা আধাৰ কেন্দ্ৰ আছিল যদিও সম্প্ৰতি সেই আধাৰ কেন্দ্ৰটো বন্ধ হৈ থকা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে (Nagaon police mission against jihadists) ৷