নগাঁও,8 মাৰ্চ : ৰাজ্যত চলি অহা বিভিন্ন অপৰাধ আৰু অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই যোৱা অভিযানৰ সমান্তৰালকৈ অব্যাহত আছে জেহাদীৰ বিৰুদ্ধেও অভিযান ৷ জেহাদীৰ সন্ধানত মঙলবাৰৰ নিশাও নগাঁও আৰক্ষীয়ে চলালে এক অভিযান । কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA ৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত অভিযান চলায় (Mission against Jihadi in Assam) ৷
অভিযানৰ সময়ছোৱাত নগাঁও আৰক্ষীৰ এটা দলে জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ৫ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় । নগাঁৱৰ ধিং আৰু বটদ্ৰৱাত নগাওঁ আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ অভিযানকালত সন্ত্ৰাসবাদী কাৰ্য কলাপৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে সন্দেহজনক পাঁচ জেহাদীক (Suspected jihadists arrested in Nagaon) ।
ভাৰতৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানক ছিম কাৰ্ড যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে ধৃত লোককেইজনৰ বিৰুদ্ধে । জেহাদীৰ সন্দেহত আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল আছিকুল ইছলাম, বদৰুদ্দিন, মিজানুৰ ৰহমান, বাহাৰুল ইছলাম আৰু ৱাহিদুজ জামানক । পাকিস্তানলৈ ই-ছিমৰ যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে ধৃত লোককেইজনৰ বিৰুদ্ধে । বৰ্তমান জেহাদীৰ লিংক তথা অধিক তথ্যৰ সন্দৰ্ভত ধৃত আটাইকে সোধা-পোছা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । অৱশ্যে এই পৰ্যন্ত অনুষ্ঠানিকভাৱে কোনো তথ্য সদৰি কৰা নাই নগাঁও আৰক্ষীয়ে (Nagaon police mission against jihadists) ।