অসম

assam

By

Published : Apr 29, 2019, 10:29 PM IST

ETV Bharat / state

আৰক্ষীৰ ধাৰাবাহিক অভিযানত আটক ৫ জনকৈ অবৈধ বিদেশী

অবৈধ বিদেশীৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ ৪ দিনত জখলাবন্ধা, উলুৱনী, কলিয়াবৰ, চামগুৰি আৰক্ষীৰ অভিযানত আটক ৫ জনকৈ অবৈধ বিদেশী

আৰক্ষীৰ ধাৰাবাহিক অভিযানত আটক ৫ জনকৈ অবৈধ বিদেশী

কলিয়াবৰ, 29 এপ্ৰিলঃ বিগত ৪ দিনত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ভিন্ন স্থানৰ পৰা আটক কৰা হৈছে অবৈধ বাংলাদেশী হিচাপে চিহ্নিত কেইগৰাকীও ব্যক্তিক । কলিয়াবৰ , চামগুৰি, উলুৱনী আৰক্ষীয়ে এগৰাকীকৈ ব্যক্তিক আটক কৰাৰ লগতে জখলাবন্ধা আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাক । ধৃত লোককেইজন ক্ৰমে সত্যৱতী ৰয়, সদৰ আলি, বানেশ্বৰ বৰ্মন, কাশী দাস আৰু চাইমন নেছা । বিদেশী ন্যায়ধিকৰণ গোচৰৰ অধীনত আটক কৰি লোককেইজনক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হয় ।

আৰু পঢ়কঃ যোৰহাটৰ টীয়কত গ্ৰামোফোন সংৰক্ষণৰ বিশেষ প্ৰয়াস

উল্লেখ্য যে, কলিয়াবৰ মহকুমাত বৰ্তমানেও পলাতক অৱস্থাত আছে বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি চিনাক্ত কৰা বহু লোক । এই অবৈধ নাগৰিকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিবলৈ দিছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ।

আৰক্ষীৰ ধাৰাবাহিক অভিযানত আটক ৫ জনকৈ অবৈধ বিদেশী

ABOUT THE AUTHOR

...view details