অসম

assam

ETV Bharat / state

সদৌ অসম ভিত্তিক 'সুৰৰ নিজৰা ২০২০' - সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতা

অসমৰ চুকে-কোণে, নগৰে-চহৰে, গাঁৱে ভূঞে থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে নগাঁৱত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব এই সংগীত প্ৰতিযোগিতা । এই সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতাখন নগাঁৱৰ লগতে তেজপুৰ আৰু গুৱাহাটীতো অনুষ্ঠিত হ'ব ৷

সদৌ অসম ভিত্তিক 'সুৰৰ নিজৰা ২০২০'

By

Published : Nov 11, 2019, 2:35 AM IST

নগাঁও, 10 নৱেম্বৰঃনগাঁৱত 'সুৰৰ নিজৰা ২০২০' শীৰ্ষক সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতা । অসমৰ চুকে-কোণে, নগৰে-চহৰে, গাঁৱে ভূঞে থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে নগাঁৱত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব এই সংগীত প্ৰতিযোগিতা । এই সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতাখন নগাঁৱৰ লগতে তেজপুৰ আৰু গুৱাহাটীতো অনুষ্ঠিত হ'ব । নগাঁও জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠনৰ সূৰ্য্যোদয়ৰ উদ্যোগত ৰেডিয়েল ক্লাৱৰ সহযোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হব ''সুৰৰ নিজৰা ২০২০'' শীৰ্ষক সংগীত প্ৰতিযোগিতা । আগন্তুক ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ''সুৰৰ নিজৰা ২০২০'' শীৰ্ষক এই অনুষ্ঠানৰ আয়োজন বাবে দেওবাৰে সূৰ্য্যদয়ৰ উদ্যোগত ৰেডিয়েল ক্লাৱৰ সহযোগত সম্বোধন কৰা হয় সংবাদমেলৰ । সংবাদমেলত উদ্যোক্তা সকলে "অসমৰ চুকে-কোণে, নগৰে-চহৰে, গাঁৱে ভূঞে সিচঁৰতি থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে ২০০৭ চনৰ পৰাই প্ৰস্তুতি অনুষ্ঠানৰ আৰম্ভ কৰিছিল ।

সদৌ অসম ভিত্তিক 'সুৰৰ নিজৰা ২০২০'

উল্লেখ্য যে, ২০১৪ চনত জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ''সুৰৰ নিজৰা'' নামৰ মঞ্চৰ পৰাই চুড়ান্ত খিতাপ দখল কৰিছিল । তাৰ পাচতে ২০১৫ চনত নাহিদ আফ্ৰিনে ইন্ডিয়ান আইডললৈ গৈ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় । ইফালে ২০১৬ চনত ৰিদিপ্তা শৰ্মায়ো এই মঞ্চৰ পৰাই খিতাপ দখল কৰি ২০১৭ বৰ্ষত The Voice India Kidsৰ মঞ্চত ৰেংক ৰাখি ৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম ৰাখিবলৈ সক্ষম হয় । আগন্তুক পাঁচ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া এই সংগীতৰ প্ৰতিভা বিকাশৰ প্ৰতিযোগিতাখনত ৰাজ্যখনৰ কেইবাজনো স্বনামধন্য সংগীত শিল্পী উপস্থিত বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details