নগাঁও, 14 জুন : ক'ভিডে 2020 চনটো একেবাৰে স্তব্ধ কৰি তোলাৰ পাচতে ক'ভিডৰ দ্বিতীয়টো ঢৌৱেও ইতিমধ্যে 2021 চনৰ আধাখিনি সময় স্তব্ধ কৰি তুলিলে ৷ দেশৰ লগতে ৰাজ্যত সংহাৰি ৰূপ ধাৰণ কৰা ক'ভিডৰ গণসংক্ৰমণ কিছু পৰিমাণে সাম কাটিছে যদিও এতিয়াও চৰকাৰ তথা জনসাধাৰণ ক'ভিড মুক্ত হোৱাৰ ক্ষেত্ৰত স্পষ্ট হ'ব পৰা নাই ৷
বিশেষকৈ ক'ভিড সৃষ্ট পৰিবেশে এক অনিশ্চয়তাৰ মাজলে লৈ গ'ল দেশৰ শিক্ষা ব্যৱস্থাক ৷ বহু শিক্ষাৰ্থীয়ে কিতাপৰ পৰা দু-হাত আঁতৰত অৱস্থান গ্ৰহণ কৰিলে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব ৷ ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব সেই ক্ষেত্ৰত এতিয়াও স্পষ্টভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই শিক্ষা বিভাগে ৷ ইফালে শ্ৰেণী কোঠাৰ পাঠদান প্ৰক্ৰিয়াও বৰ্তমান বন্ধ হৈ আছে ৷ অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছে যদিও সেয়া কিমান দূৰ ফলপ্ৰসু হৈছে সেয়াও সন্দেহৰ আৱৰ্তত ৷
যি কি নহওঁক, ক'ভিড সৃষ্ট এনে অনিশ্চয়তাৰ মাজতে ঘৰতে আৱদ্ধ হৈ থকা শিশু সকলৰ বাবে বিশেষ অনলাইন গ্ৰীষ্মকালীত শিক্ষা শিবিৰৰ ব্যৱস্থা কৰে সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰই ৷ শিশুৰ মানসিক উত্তৰণৰ উদ্দেশ্যে নৃত্য-গীত, ছবি অঁকা, নাটকৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰে কল্লোল আৰু মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰই ৷ এই পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে সময়োপযোগী বুলি অভিহিত কৰিছে ৷
লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মাদ্ৰী কাকতি, গল্পকাৰ শিৱানন্দ কাকতি, কল্লোলৰ সম্পাদক নৌছাদ আখতাৰ হাজৰিকাৰ প্ৰচেষ্টাত আয়োজন কৰা হৈছিল এই সাতদিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ ৷ অসমৰ লগতে বহিঃৰাজ্যৰ শিশুয়েও অংশগ্ৰহণ কৰা এই গ্ৰীষ্মকালীন শিবিৰৰ জৰিয়তে নৃত্য, গীত, ছবি অঁকা, নাটক আদি বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ।
এতিয়া কিহত ব্যস্ত ৰাখিছে আপোনাৰ শিশুটি ! শিবিৰত অনলাইন যোগে ছবি আঁকো আহা, ইংৰাজী শব্দৰ পৃথিৱী, নাটক কৰোঁ আহা, আহা আমি গান গাওঁ, সাধু কওঁ নে শুনো আদি নামাকৰণৰ জৰিয়তে শিশুসকলক প্ৰশিক্ষণ দিয়া হয় ৷ এই অনলাইন প্ৰশিক্ষণৰ শিবিৰত প্ৰশিক্ষক হিচাপে আছিল শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ ৰাজকুমাৰ মজিন্দাৰ, লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মাদ্ৰী কাকতি, নতুন দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দাক্ষিণা শৰ্মা, বিশিষ্ট সংগীত শিল্পী ৰূপম ভূঞা, দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ড৹ দেৱদূত কাকতি, যোগ প্ৰশিক্ষক দীক্ষিতা কাকতি আদি ৷
মতিৰাম সাংস্কৃতিক কেন্দ্ৰৰ সম্পাদক তথা বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, সাংস্কৃতিক গোষ্ঠী কল্লোলৰ সম্পাদক নৌছাদ আখতাৰ হাজৰিকাৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা শিশুৰ গ্ৰীষ্মকালীন শিবিৰৰ দেওবাৰে সামৰণি পৰে । সামৰণি অনুষ্ঠানত অনলাইনৰ জৰিয়তেই বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰ, নগাঁৱৰ সাংবাদিক চন্দনজ্যোতি বৰাই অংশগ্ৰহণ কৰি শিশুসকলৰ উদ্দেশ্যে প্ৰেৰণামূলক ভাষণ দিয়ে ৷
লগতে পঢ়ক: প্ৰদীপ হাজৰিকাৰ সন্ধানত মহাবাহুত অব্যাহত উদ্ধাৰ অভিযান