অসম

assam

হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত গ্ৰীস্মকালীন কৰ্মশালা

By

Published : Jul 4, 2019, 4:48 AM IST

খোল তালৰ শব্দৰে মুখৰিত হ"ল শংকৰদেৱ চিত্ৰকলা বিদ্যালয় ৷

হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত গ্ৰীস্মকালীন কৰ্মশালা

হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত গ্ৰীস্মকালীন কৰ্মশালা

বটদ্ৰৱা,4 জুলাইঃ বটদ্ৰৱাৰ হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত অনুষ্ঠিত হৈছে গ্ৰীস্মকালীন কৰ্মশালা ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত 30 জুনৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাৰ মূল বিষয়বস্তু হৈছে সত্ৰীয়া নৃত্য,চিত্ৰাংকন আৰু নাটক ৷ কেইবাগৰাকীও বিশিষ্ট পৰিচালকে প্ৰশিক্ষণ আগবঢ়োৱা কৰ্মশালা খনত নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা অহা ছাত্ৰ - ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷ ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালা খনিৰ দেওবাৰে সামৰণি পৰিব । সামৰণি অনুষ্ঠানত নগাঁও বন সংমণ্ডলৰ পৃষ্ঠপোষকতাত বৃহত্তৰ হাতীচোং অঞ্চলত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details