অসম

assam

By

Published : Apr 29, 2021, 7:58 PM IST

ETV Bharat / state

নিজ কন্যাৰ মৃত্যুৰ ন্য়ায় বিচাৰি আৰক্ষী অধীক্ষকক পত্ৰ প্ৰদান চুমিলাৰ মাতৃৰ

চুমিলা হত্যাৰ ন্যায় বিচাৰি নগাঁৱৰ আৰক্ষী অধীক্ষকক পত্ৰ প্ৰদান চুমিলাৰ মাতৃৰ । ৩০ দিনৰ ভিতৰতে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব চেণ্ট্ৰেল অসমৰ আয়ুক্ত মলয় বৰাই ।

চুমিলা হত্যাৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষক সাক্ষাৎ সুমিলাৰ মাতৃৰ
চুমিলা হত্যাৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষক সাক্ষাৎ সুমিলাৰ মাতৃৰ

নগাঁও,29 এপ্ৰিল : ৰাজ্য জোকাৰি যোৱা চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া । নগাঁও জিলাৰ ৰহাৰ খাইগড় অঞ্চলৰ প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত বনকৰা হিচাপে থকা ১২ বছৰীয়া চুমিলা ৰংহাংপীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি ধৰ্ণা প্ৰতিবাদ অব্যাহত আছে ৰাজ্যত ৷

চুমিলা হত্যাৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষক সাক্ষাৎ সুমিলাৰ মাতৃৰ

তাৰ মাজতে বৃহস্পতিবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰে চুমিলা ৰংহাংপীৰ মাতৃয়ে। চুমিলা ৰংহাংপীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি অভিযুক্ত প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ পচক' আইনৰ অধীনৰ ধাৰা সন্নিৱিষ্ট কৰিবলৈ দাবী উত্থাপন কৰে । বৃহস্পতিবাৰে চুমিলাৰ মাতৃক লগত লৈ কেইবাটাও মহিলা সংগঠনে যৌথভাৱে আয়োজন কৰে সংবাদ মেলৰ । যৌথ সংবাদ মেলৰ জৰিয়তে চুমিলা হত্যাৰ অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে । সংবাদ মেলত অসম মহিলা সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নেতৃবৰ্গ উপস্থিত থাকে ।

ইপিনে চুমিলা ৰংহাংপীৰ মৃত্যুৰ ক্ষীপ্ৰতাৰে তদন্ত কৰিবলৈ চেণ্ট্ৰেল অসমৰ আয়ুক্তক নিৰ্দেশ দিছে অসম চৰকাৰে । অতি শীঘ্ৰেই ৰহা অঞ্চলৰ স্থানীয় লোকৰ মতামত গ্ৰহণ কৰি অহা ৩০ দিনৰ ভিতৰতে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বুলি সংবাদ মেলত অৱগত কৰে চেণ্ট্ৰেল অসমৰ আয়ুক্ত মলয় বৰাই । ঘটনা সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব বুলিও আশ্বাস প্ৰদান কৰে আয়ুক্তগৰাকীয়ে । ৰাজ্যৰ প্ৰতিজন সচেতন ব্যক্তিয়েই এতিয়া আছে চুমিলা হত্যাৰ ন্যায়ৰ অপেক্ষাত ।

লগতে পঢ়কঃ ডিজিপি কাৰ্যালয়ৰ সমীপৰ এটিএমত লুটপাত দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details