আমগুৰি, ১৮ জুলাই :শিৱসাগৰ জিলাৰ আবকাৰী বিভাগে (Excise Department) গৌৰীসাগৰ আৰক্ষী (Gaurisagar Police)ৰ সহযোগত দেওবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় ৷ আবকাৰী বিভাগে খনামুখ অঞ্চলৰ টিপমীয়া গাঁও, ডুপদৰীয়া আদি বিভিন্ন অঞ্চলত চলাই এই অভিযান ৷ অভিযানৰ সময়ত দলটোৱে প্ৰায় ২৫০০ লিটাৰ চুলাই মদৰ পাছ নষ্ট কৰাৰ লগতে কেইবাটাও ভাটী উচ্ছেদ কৰে ৷
আবকাৰী বিভাগে (Excise Department) আৰু গৌৰিসাগৰ আৰক্ষী (Gaurisagar Police) য়ে বহু পৰিমাণৰ সুৰা ব্যৱসায়ত ব্যবহৃত সা-সামগ্ৰী জব্দ কৰে ৷ অভিযানকাৰী দলটোৱে বৃহত্তৰ খনামুখ অঞ্চলটোৰ প্ৰায় 5 টা পৰিয়ালৰ ঘৰত চলাই এই অভিযান ৷ অৱশ্যে অভিযানৰ সময়ত এজনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷
আৰক্ষী অহাৰ সম্ভেদ লাভ কৰাৰ পাছতে পলায়ন কৰে লোককেইজন ৷ আবকাৰী বিভাগে পৰৱৰ্তী সময়তো এনে অভিযান চলাই যোৱাৰ কথা ব্যক্ত কৰে ৷ দলটোৱে এই ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷
আমগুৰিত বৃহৎ পৰিমাণৰ চুলাই জব্দ আৰক্ষীয়ে স্থানীয় বাসিন্দা লেখক গগৈ, বীৰেন গগৈ, পবিন গগৈ, কণ গগৈ আদিৰ ঘৰত চলোৱা অভিযানত বহুকেইটা ড্ৰামত লুকুৱাই ৰখা হাজাৰ হাজাৰ লিটাৰ চুলাই উদ্ধাৰ কৰে । উল্লেখ্য যে, চুলাই ব্যৱসায়ীয়ে অস্বাস্থ্যকৰভাৱে বাঁহনিৰ তলত, কলগছৰ তলত সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলি প্ৰস্তুত কৰি আহিছে বৰবিহ সদৃশ চুলাই । শেহতীয়াকৈ চুলাই ঘাটিৰপৰা মাৰাত্মক কৰ’ণা ভাইৰাছৰ অধিক সংক্ৰমণ হোৱা বুলি প্ৰতিবেদন পোৱাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমগুৰিৰ আবকাৰী বিভাগৰ লগতে প্ৰশাসনে । এই অভিযানৰ সময়ত এটাও চুলাই ব্যৱসায়ীক আটক কৰিব নোৱৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।
লগতে পঢ়ক :হোজাইত মুখ্যমন্ত্ৰীয়ে দাহ কৰিব বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী