অসম

assam

ETV Bharat / state

নগাঁৱত বেংক বিষয়াৰ আত্মহত্যা - প্ৰেমজনীত কাৰণত আত্মহত্যাৰ সন্দেহ

নগাঁৱত বেংক বিষয়াৰ আত্মহত্যাক লৈ চাঞ্চল্য। প্ৰেমজনীত কাৰণত আত্মহত্যাৰ সন্দেহ ।

suicide-bank-officer-at-nagaon
নগাঁৱত বেংক বিষয়াৰ আত্মহত্যা

By

Published : Nov 18, 2020, 9:54 AM IST

নগাঁও,18 নৱেম্বৰঃএগৰাকী বেংক বিষয়াৰ আত্মহত্যাক লৈ নগাঁৱত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। মণিপুৰৰ যুৱক তথা ভাৰতীয় ষ্টেট বেংকৰ নগাঁৱৰ খুটিকটীয়া শাখা বিষয়া খুন্দৰাকপম জয় কুমাৰ সিঙৰ মঙলবাৰে নিশা মৃতদেহ উদ্ধাৰ হয় চিপ লোৱা অৱস্থাত ।

উল্লেখযোগ্য যে, মঙলবাৰে নিশা নগাঁৱৰ খুটিকটীয়াৰ ভাড়াঘৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় বেংক বিষয়াগৰাকীৰ মৃতদেহ। নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বেংক বিষয়াগৰাকীৰ মৃত্যুৰ স্পষ্ট কাৰণ পোহৰলৈ অহা নাই যদিও প্ৰেমত বিফল হোৱাৰ বাবেই আত্মহত্যা কৰাৰ সন্দেহ কৰিছে বেংক কৰ্তৃপক্ষই । কিছুদিন পূৰ্বে আত্মহত্যা কৰা বেংক বিষয়াগৰাকীয়ে তেওঁ প্ৰেম প্ৰতাৰণাৰ বলি হোৱাৰ কথা প্ৰৱন্ধকৰ আগত স্বীকাৰ কৰা বুলি উল্লেখ কৰিছে বেংক প্ৰৱন্ধক গৰাকীয়ে।

নগাঁৱত বেংক বিষয়াৰ আত্মহত্যা

লগতে পঢ়কঃ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গলৈ জন্মদিনৰ শুভেচ্ছা...

ABOUT THE AUTHOR

...view details