নগাঁও, 26 জুন :আপুনি মই বিশ্বাস নকৰিলেও এয়াই সঁচা । এইবাৰ মনত পেলাই দিব বিচাৰিছোঁ, ৰাজ্যত মোবাইল নেটৱৰ্ক আৰম্ভ হোৱাৰ দিনৰ কথা । নেটৱৰ্ক বিচাৰি পথাৰলৈ যোৱা, কাৰোবাৰ সৈতে কথা পাতিবলৈ গছত উঠাৰ কথা । সেইদিনবোৰ আজি চহৰ-নগৰ অঞ্চলৰ বাবে অতীত হ'লেও বহু গ্ৰামঞ্চলত আজিও বিৰাজমান এনে পৰিবেশ ৷ কাৰণ নেটৱৰ্ক নাই ।
মোবাইল ইণ্টাৰনেটৰ ব্যাপক সম্প্ৰসাৰণ হ'ল । 2 জিৰ পৰা 3 জি, 4 জি সেৱা আৰম্ভ হ'ল । চলি আছে 5 জি ৰো চিন্তা চৰ্চা। ডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন দেখিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এনে সময়ত গ্ৰামঞ্চলৰ ইণ্টাৰনেট সেৱাৰ বিষয়ে আপুনি জানে? এতিয়া আহিছোঁ মূল প্ৰসংগ লৈ। নগাঁও জিলাৰ জাজৰী মাজগাঁৱৰ একাংশ ছাত্ৰ-ছাত্ৰী, অভিভাৱকে নেটৱৰ্কৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ।
চৌদিশে কৰ'ণাৰ সন্ত্ৰাস । বন্ধ হৈ আছে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ পাঠদান । অৱশ্যে চলি আছে অনলাইন পাঠদান, পৰীক্ষা । এনে সময়ত মাজজাজৰীৰ একাংশ ছাত্ৰ-ছাত্ৰী অভিভাৱক ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। অনলাইন ক্লাছ চলি থকাৰ সময়ত নেটৱৰ্কৰ অভাৱত এতিয়া এইসকল ছাত্ৰ ছাত্ৰী বঞ্চিত হবলগীয়া হৈছে অনলাইন ক্লাছৰ পৰা কাৰণ, গাঁওখনত নাপাই নেটৱৰ্ক।