নগাঁও, 26 নৱেম্বৰ:অৱশেষত উদ্ধাৰ হ'ল কলঙৰ বুকুত নিখোজ হোৱা দুই ছাত্ৰৰ মৃতদেহ । বুধবাৰে প্ৰজেক্টৰ কামলৈ গৈ কলং নৈত সন্ধানহীন হৈছিল ত্ৰিদীপ কলিতা আৰু বিকাশ বৰা নামৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত দুই ছাত্ৰ ৷ সন্ধানহীন হোৱাৰ পিছৰে পৰা স্থানীয় লোকৰ লগতে এছডিআৰএফ বাহিনীয়ে আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান ।
অৱশেষত উদ্ধাৰ কলঙত সন্ধানহীন দুই ছাত্ৰৰ মৃতদেহ - সহপাঠী
বুধবাৰে কলঙৰ বুকুত নিখোজ হোৱা দুই ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হ'ল বৃহস্পতিবাৰে ৷ এছডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযানত কলঙৰ বুকুৰ পৰা উদ্ধাৰ হয় চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ দুই ছাত্ৰৰ মৃতদেহ ৷
![অৱশেষত উদ্ধাৰ কলঙত সন্ধানহীন দুই ছাত্ৰৰ মৃতদেহ as_ngn_two_students_dead_body_recovered_7203829](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9672663-thumbnail-3x2-nfsek.jpg)
অৱশেষত উদ্ধাৰ কলঙত সন্ধানহীন দুই ছাত্ৰৰ মৃতদেহ
ছাত্ৰ দুজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত ৷ শোকত ম্ৰিয়মান হৈ পৰে ছাত্ৰ দুজনৰ পৰিয়ালৰ লগতে সহপাঠীসকল ৷
লগতে পঢ়ক:কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক ধৰ্মঘট