নগাঁও, 24 জানুৱাৰী :শেহতীয়াকৈ পোহৰলৈ আহিছে গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এখন ফটো (Student leader Kirti Kamal Borah) ৷ ফটোখন ২০১৯ চনৰ এখন ফটো । সেই সময়ত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল এইজন কীৰ্তিকমল বৰা । সেই সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি গঢ়ি উঠিছিল আন্দোলন । সমগ্ৰ ৰাজ্যৰ ছাত্ৰ সমাজৰ দৰেই কীৰ্তিকমল বৰাইয়ো অংশগ্ৰহণ কৰিছিল আন্দোলনত। হাতত এখন প্লে কাৰ্ড, য’ত লিখা আছিল " লুইতপৰীয়া ডেকা মই, মৰিবলৈ নাই ভয় ।''
মৰিবলৈও ভয় নকৰা কীৰ্তিকমল বৰা নামৰ এই ডেকা ল'ৰাজনেই এতিয়া ঘুণীয়া হ'ল নগাঁও আৰক্ষীৰ বন্দুকৰ গুলীত । শনিবাৰে, সন্ধিয়া মাকৰ ঔষধ আনিবলৈ ঘৰৰ পৰা ওলাই যোৱা কীৰ্তিকমল ঔষধ লৈ ঘৰ পোৱাৰ বিপৰীতে পালেগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় । ঔষধ লৈ ঘৰ উভতাৰ সময়তেই ঘটিল অঘটনটো। ঘৰৰ সমীপতে আৰক্ষীৰে বাক বিতণ্ডাত লিপ্ত হোৱা কীৰ্তিকমলৰ সোঁ ভৰি হঠাৎ ভেদিলে আৰক্ষীৰ গুলীয়ে (Student Leader Shot by Police in Nagaon) ৷