অসম

assam

ETV Bharat / state

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত পোন্ধৰ বছৰীয়া ছাত্ৰ - বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চাৰিমাহ ধৰি শয্যাগত ১৫ বছৰীয়া ছাত্ৰ

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চাৰিমাহ ধৰি শয্যাগত হৈ আছে কলিয়াবৰৰ বামুণী চিকাৰী গাঁৱৰ এজন ১৫ বছৰীয়া ছাত্ৰ ৷ আৰ্থিক দৈন্যতাৰ বাবে চিকিৎসা কৰিবলৈ অপাৰগ পৰিয়ালটো ৷ পুত্ৰৰ চিকিৎসাৰ বাবে এতিয়া কলিয়াবৰৰ দৰিদ্ৰ পৰিয়ালটোক প্ৰয়োজন অকণমান সহায়ৰ ৷

student kidney patient at kaliabor
বৃক্কৰ জটিল ৰোগত আক্ৰান্ত পোন্ধৰ বছৰীয়া ছাত্ৰ ,চিকিৎসা কৰিবলৈ অপাৰগ দৰিদ্ৰ পৰিয়ালবৰ্গ

By

Published : May 2, 2020, 1:58 PM IST

Updated : May 2, 2020, 5:09 PM IST

নগাঁও,2 মে'ঃ বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চাৰিমাহে শয্যাগত হৈ থাকিব লগা হৈছে কলিয়াবৰৰ বামুণী চিকাৰী গাঁৱৰ এজন ১৫ বছৰীয়া ছাত্ৰ । দুয়োটা বৃক্ক প্ৰায় বিকল হৈ অৱস্থা গুৰুতৰ হোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আধাৰুৱাকৈয়ে সামৰিব লগা হৈছিল বৰাই তেৰণৰ পুত্ৰ চেমচন তেৰণ নামৰ ছাত্ৰজনে। তেতিয়াৰে পৰা গুৱাহাটীৰ জি.এন.আৰ.চি হাস্পতালৰ অধীনত ঘৰতে চিকিৎসাধীন হৈ আছে ছাত্ৰজন। কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে ছাত্ৰজনৰ চিকিৎসাৰ ক্ষেত্ৰত থমকি ৰ'ব লগা হৈছে দৰিদ্ৰ পৰিয়ালটো।

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত পোন্ধৰ বছৰীয়া ছাত্ৰ ,চিকিৎসা কৰিবলৈ অপাৰগ দৰিদ্ৰ পৰিয়ালবৰ্গ

চিকিৎসকৰ মতে, ছাত্ৰজনৰ দুয়োটা বৃক্ক প্ৰায় বিকল হৈ পৰিছে । বৃক্ক সংৰোপনৰ বাবে চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে যদিও আৰ্থিক দৈন্যতাৰ বাবে বৃক্ক সংৰোপন কাৰ্য সম্পাদন কৰিবলৈ অপাৰগ পৰিয়ালটোৱে প্ৰতি মাহে চিকিৎসালয়লৈ গৈ বৃক্কৰ ডায়েলাইচিচ কৰাই আছে ছাত্ৰজনৰ । ইতিমধ্যে চিকিৎসাৰ বাবে মাটি-সম্পত্তি বিক্ৰী কৰি উদং হোৱা পৰিয়ালটোৱে ছাত্ৰজনৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা কৰিছে চৰকাৰ তথা সুহৃদয়ৱান ৰাইজৰ ওচৰত ৷

কোনো সদাশয় লোকে ছাত্ৰজনক সহায় কৰিব বিচাৰিলে ৯৮৬৪১৭৪৪৮৪নম্বৰত যোগাযোগ কৰিব পাৰে নাইবা পিতৃ বৰাই তেৰণৰ নামত থকা ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ জখলাবন্ধা শাখাৰ ০৩২৯০১০৬৫৯১৭৮নম্বৰ একাউণ্টত আৰ্থিক সাহাৰ্য জমা কৰিব পাৰে । UBIৰ জখলাবন্ধা শাখাৰ IFSC : UTBI0JAK362। আপোনাৰ এধানিমান সঁহাৰিয়ে ১৫ বছৰীয়া ছাত্ৰজনক দিব পাৰে নতুন জীৱন।

Last Updated : May 2, 2020, 5:09 PM IST

ABOUT THE AUTHOR

...view details