বটদ্ৰৱা, 26 জুন: চেকনিৰ আগত বিদ্যা নীতিৰ পৰিৱৰ্তে বৰ্তমান শিশু কেন্দ্ৰিক শিক্ষা ব্যৱস্থা প্ৰচলিত হৈ থকাৰ সময়ত বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত এগৰাকী ছাত্ৰী আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । ছাত্ৰ ছাত্ৰীক শাৰিৰীক ভাৱে প্ৰহাৰ কৰাটো অপৰাধ বুলি গণ্য কৰাৰ সময়তে বটদ্ৰৱাৰ হাইডুবী কামপুৰ সত্ৰ বালক এম ই স্কুলত সংঘটিত হৈছে এই ঘটনা । ঘটনাটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা আলী আজমল হুচেইনৰ নিৰ্মম প্ৰহাৰত আহত হোৱাৰ অভিযোগ সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকী। মাত্ৰ কিছুদিন পূৰ্বে প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰা আজমল হুছেইনে ক্ষমতাৰ অপব্যৱহাৰ কৰি ছাত্ৰী গৰাকীক প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। প্ৰধান শিক্ষকৰ দায়িত্ব পায়েই উদ্দেশ্য প্ৰণোদিত ভাৱে ছাত্ৰী গৰাকীক গুৰুলা-গুৰুলা ভাৱে প্ৰহাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে সচেতন মহলে।
বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰী - বটদ্ৰৱা
শিক্ষকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে ছাত্ৰীক ৷ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ ৷
বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰী