অসম

assam

ETV Bharat / state

চাউলত চাৰি ৰাষ্ট্ৰৰ পতাকা অংকনেৰে উজলিল কলিয়াবৰৰ ছাত্ৰী - student from kaliabor

স্ব-প্ৰতিভাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কলিয়াবৰৰ এগৰাকী মেধাৱী ছাত্ৰীৰ (Kaliabor student enters name into India book of records) ৷ এটা চাউলত চাৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় পতাকা অংকনৰে এই কৃতিত্ব অৰ্জন ছাত্ৰীগৰাকীৰ ৷

india-book-of-records-includes-the-name-of-a-talented-student-of-kaliyabor
India Book of Recordsত উজলিল কলিয়াবৰৰ এগৰাকী ছাত্ৰী

By

Published : Nov 29, 2021, 2:21 PM IST

কলিয়াবৰ, 29 নৱেম্বৰ :চেষ্টাৰ অসাধ্য একো নাই ৷ ইয়াকে যেন এতিয়া প্ৰমাণ কৰি দেখুৱাইছে কলিয়াবৰৰ এগৰাকী ছাত্ৰীয়ে ৷ নিজস্ব প্ৰতিভাৰে India book of records ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে ৷ ছাত্ৰীগৰাকীৰ আছে এক বিৰল অংকন প্ৰতিভা(Rare drawing talent of a student) ৷ এটা চাউলত চাৰি ৰাষ্ট্ৰৰ চাৰিখন ৰঙীন ৰাষ্ট্ৰীয় পতাকা অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল কলিয়াবৰৰ মেধাৱী ছাত্ৰী প্ৰতিভা মহিলাঙে ৷

চলিত বৰ্ষৰ ২ নৱেম্বৰত ছাত্ৰীগৰাকীক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰে এই সন্মান(India Book of Records honours Pratibha Mahilang) ৷ নগাঁও জিলাৰ কলিয়াবৰৰ দলগাঁও নিবাসী মানদাস সৎনামী আৰু অনিমা সৎনামীৰ কন্যা প্ৰতিভা মহিলাঙে এই প্ৰতিভাৰে আঁজুৰি অনা বিৰল সন্মানে জিলাখনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ছাত্ৰীগৰাকীয়ে এটা চাউলত ভাৰত, বাংলাদেশ, ইণ্ডোনেছিয়া আৰু জাপান এই চাৰিওখন ৰাষ্ট্ৰৰ চাৰিখন ৰাষ্ট্ৰীয় পতাকা অংকন কৰিছিল । বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা পৰিৱেশ ব‍্যৱস্থাপনা (Environment Management) বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি বৰ্তমান APSC ৰ কাৰণে প্ৰস্তুতি চলায় থকা প্ৰতিভা মহিলাঙৰ এই কৃতিত্বই এতিয়া সকলোকে মোহিত কৰিছে ।

India Book of Recordsত উজলিল কলিয়াবৰৰ এগৰাকী ছাত্ৰী

ইয়াৰ পূৰ্বে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ দ্বাৰা 'আটাইতকৈ সৰু কিতাপ প্ৰকাশিত'(Smallest Book Published) হিচাপে স্বীকৃতি লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল উত্তৰ লখিমপুৰৰ নিবাসী ৰীতামণি বৰাই ৷ ২০২০ চনত তেওঁৰ কিতাপখনে অসম বুক অৱ ৰেকৰ্ডছ আৰু ইণ্টাৰনেচনেল বুক অফ ৰেকৰ্ডছৰ পৰাও একে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক :এক মিলি মিটাৰ কাগজত নাও সাজি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত উজলিল বিষ্ণু বৰ্ণিল গোস্বামী

ABOUT THE AUTHOR

...view details