অসম

assam

By

Published : Jul 28, 2020, 4:09 PM IST

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ কামপুৰত তীব্ৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই নাগৰিকত্ব আইনক জাতিধ্বংসী আইন বুলি আখ্যা দিয়াৰ লগতে নাগৰিকত্ব আইনৰ বিৰোধিতা কৰা অখিল গগৈক অতি শীঘ্ৰে মুক্তি দিবৰ বাবে দাবী জনায় ৷ ইপিনে,নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি খগেন গায়নে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ফেচিবাদী মনোভাৱ ত্যাগ কৰি গণতন্ত্ৰক সন্মান কৰিবলৈ আহ্বান জনায় ৷

Strong protest in Kampur to Release Akhil Gogoi
অখিল গগৈৰ মুক্তিৰ কামপুৰত তীব্ৰ প্ৰতিবাদ

বঢ়মপুৰ,28 জুলাইঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি কামপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই ৷ অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবীৰ সমান্তৰালভাৱে নাগৰিকত্ব আইন বাতিল কৰাৰ বাবে দাবী জনাই সংগঠনটোৱে ৷

অখিল গগৈৰ মুক্তিৰ কামপুৰত তীব্ৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই নাগৰিকত্ব আইনক জাতিধ্বংসী আইন বুলি আখ্যা দিয়াৰ লগতে নাগৰিকত্ব আইনৰ বিৰোধিতা কৰা অখিল গগৈক অতি শীঘ্ৰে মুক্তি দিবৰ বাবে দাবী জনায় ৷ ইপিনে,নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি খগেন গায়নে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ফেচিবাদী মনোভাৱ ত্যাগ কৰি গণতন্ত্ৰক সন্মান কৰিবলৈ আহ্বান জনায় ৷

আনহাতে,কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই বিজেপি চৰকাৰ গ' বেক,বিজেপি-আৰ এছ এছ হুচিয়াৰ আদি প্ৰতিবাদ ধ্বনিৰে কামপুৰৰ চৌপাশ কঁপাই তোলে।

উল্লেখযোগ্য যে,বিগত 6 মাহ ধৰি কৃষক নেতা অখিল গগৈ কাৰাবন্দী হৈ আছে ৷ ইতিমধ্যে কা বিৰোধী আন্দোলনৰ বহুকেইজন নেতাক মুকলি কৰি দিয়া হৈছে ৷

লগতে পঢ়কঃগণপ্ৰহাৰত মৃত্যু হোৱা তিনি সন্দেহজনক বাংলাদেশীক কৰিমগঞ্জত কবৰস্থ

ABOUT THE AUTHOR

...view details