অসম

assam

ETV Bharat / state

কপিলীৰ আমতলা ঘাটৰ কণমানি নাৱৰীয়া জনী ! - যাত্ৰী

13 বছৰীয়া কণমানি পম্পীৰ নাই কোনো ভয়,নাই কোনো শংকা৷ বিনাদ্বিধায়ে কপিলী নদীত হাতত বঠা লৈ এখন টুলুঙা নাৱেৰে দৈনিক পাৰ কৰি আছে শ শ যাত্ৰীক ৷

Story of A little Girl as a boatman over the river of kapili
কপিলী নদীৰ আমতলা ঘাটত নাৱৰীয়া ৰূপত এজনী কণমানি

By

Published : May 15, 2020, 4:03 PM IST

Updated : May 17, 2020, 12:48 PM IST

বঢ়মপুৰ,15 মে'ঃএখন হৃদয় বিদাৰক ছৱি৷ কপিলী নদীৰ আমতলা ঘাটত নাৱৰীয়া ৰূপত দেখা পোৱা গ'ল এজনী কণমানিক ৷13 বছৰীয়া কণমানি জনীৰ নাই কোনো ভয়,নাই কোনো শংকা৷ বিনাদ্বিধায়ে কপিলী নদীত হাতত বঠা লৈ এখন টুলুঙা নাৱেৰে দৈনিক পাৰ কৰি আছে শ শ যাত্ৰীক৷কপিলী নদীত নাৱেৰে যাত্ৰী পাৰ কৰা কণমানি জনীৰ নাম পম্পী দাস৷মামাকৰ ঘৰত থাকি পঢ়া শুনা কৰা পম্পীয়ে ৰহা সমষ্টিৰ কামপুৰৰ আমতলা গাঁওৰ বাসিন্দা তথা ককাক তুলাৰাম নাথৰ নামত অনুমোদিত আমতলা ঘাটত দীৰ্ঘদিন ধৰি ককাকৰ অনুপস্থিতিত কপিলী নদীত নাৱেৰে ইপাৰৰ পৰা সিপাৰলৈ অনা-নিয়া কৰি আছে যাত্ৰীক ৷

কপিলী নদীৰ আমতলা ঘাটত নাৱৰীয়া ৰূপত এজনী কণমানি
Last Updated : May 17, 2020, 12:48 PM IST

ABOUT THE AUTHOR

...view details