কলিয়াবৰ, 17 এপ্ৰিল : ৰাজ্যত শুকুৰবাৰে নিশা অহা ধুমুহা বতাহে বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰিছে ৷ এই প্ৰচণ্ড ধুমুহাৰ ফলত ৰাইজৰ বাসগৃহ, বয়-বস্তু ইত্যাদিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ খবৰ ইতিমধ্যে লাভ কৰা হৈছে ৷ বিহুৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰৰ আমবাগানতো এইজাক ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ৷ ধুমুহাৰ ফলত প্ৰকাণ্ড গছৰ ডাল ভাঙি এখন বাহনৰ ওপৰত পৰে ৷ আমবাগানৰ শিৱ মন্দিৰৰ ওপৰত থকা প্ৰকাণ্ড আঁহত গছৰ ডাল AS12BC1984 নম্বৰৰ এখন বলেৰ' পিক-আপ বাহনৰ ওপৰত ভাঙি পৰে ৷ যাৰ ফলত বহু সময় ধৰি যাতায়তৰ ব্যৱস্থা ব্যাহত হৈ পৰে ।
প্ৰচণ্ড ধুমুহাত কথমপি প্ৰাণ ৰক্ষা এজন চালকৰ - natural disaster news
কলিয়াবৰত এজাক প্ৰচণ্ড ধুমুহাৰ ফলত আমবাগানৰ শিৱ মন্দিৰৰ ওচৰত থকা এজোপা প্ৰকাণ্ড আঁহত গছৰ ডাল এখন বলেৰ' পিক-আপ বাহনৰ ওপৰত ভাঙি পৰে ৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে বাহন খনৰ ওপৰৰ পৰা গছৰ ডাল আঁতৰাই চালক জনৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷
কলিয়াবৰত প্ৰকাণ্ড ধুমুহা
উল্লেখ্য যে, স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে বাহন খনৰ ওপৰৰ পৰা গছৰ ডাল আঁতৰাই গাড়ীখনৰ ভিতৰত আবদ্ধ হৈ থকা চালকজনৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও বাহন খনৰ কিছু পৰিমাণে ক্ষতিসাধন হয় ৷
লগতে পঢ়ক : মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড