অসম

assam

ETV Bharat / state

ধুমুহাত সৰ্বস্বান্ত কল আৰু মাকৈ খেতিয়ক - ধুমুহাত সৰ্বস্বান্ত কল আৰু মাকৈ খেতিয়ক

নিশাটোৰ ভিতৰতে বিধ্বংসী ধুমুহাই বিনষ্ট কৰিলে শ শ বিঘা মাকৈ খেতি আৰু কল খেতি ।

ধুমুহাত সৰ্বস্বান্ত কল আৰু মাকৈ খেতিয়ক
ধুমুহাত সৰ্বস্বান্ত কল আৰু মাকৈ খেতিয়ক

By

Published : Apr 11, 2020, 7:25 PM IST

নগাঁও, 11 এপ্ৰিল : লক ডাউনৰসময়ছোৱাত অধিক ক্ষতিগ্রস্ত হৈছে গ্ৰামাঞ্চলৰ খেতিয়কসকল । পাচলী বিক্ৰী কৰিব নোৱাৰাৰ ফলত পথাৰৰ পাচলী পথাৰতে পচি যোৱাৰ উপৰিও পানীৰ অভাৱত চিৰাল ফাঁট মেলিছে খেতি পথাৰসমূহত ৷ ইমানৰ পাছতো ভূতৰ ওপৰত দানৱ পৰাদি প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে কৃষকৰ সপোনৰ খেতিডৰা । নিশাটোৰ ভিতৰতে বিধ্বংসী ধুমুহাই বিনষ্ট কৰিলে শ শ বিঘা মাকৈ খেতি আৰু কল খেতি । নগাঁও জিলাৰ পশ্চিমাঞ্চলত বিশেষকৈ ধিঙৰ কান্ধুলিমাৰীৰ কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । ইফালে লক ডাউনৰ বাবে জলকীয়া, বিলাহী, বেঙেনা, ৰঙালাও,জিকা আৰু তিঁয়হ বিক্ৰী কৰিব নোৱাৰৰ ফলত পথাৰতেই গেলিছে । কৃষক সকলৰ এক মাত্র ভৰসা আছিল কল আৰু মাকৈ খেতি । সেইয়াও যে কাল ধুমুহাই নিশাটোৰ ভিতৰতে ধংস কৰিলে । যাৰ বাবে এতিয়া দিশহাৰা হৈ চৰকাৰক সহায় বিছাৰিছে কৃষক সকলে ৷

ধুমুহাত সৰ্বস্বান্ত কল আৰু মাকৈ খেতিয়ক

For All Latest Updates

ABOUT THE AUTHOR

...view details