ধিং, 3 ফেব্ৰুৱাৰী :সমাগত বিধানসভা নির্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ । আৰম্ভ হৈছে ৰাজনৈতিক দল সমুহৰ মাজত বোকা ছটিওৱা ৰাজনীতি । বটদ্ৰৱা বিধানসভা সমষ্টিটো পুনৰ উদ্ধাৰৰ বাবে উঠি পৰি লাগিছে বিধায়িকা আঙুৰলতা ডেকাই ।
বটদ্ৰৱাত আঙুৰলতা ডেকাৰ আধাৰশিলা স্থাপনৰ অঘোষিত প্ৰতিযোগিতা - বিধানসভা নির্বাচন
নিজ সমষ্টিত নিৰ্বাচনী চমক বিধায়িকা আঙুৰলতা ডেকাৰ ৷ নিতৌ সমষ্টিটোত আধাৰশিলা স্থাপন কৰিছে বিধায়িকা গৰাকীয়ে ৷

বটদ্ৰৱাত আঙুৰলতা ডেকাৰ আধাৰশিলা স্থাপনৰ অঘোষিত প্ৰতিযোগিতা
বটদ্ৰৱাত আঙুৰলতা ডেকাৰ আধাৰশিলা স্থাপনৰ অঘোষিত প্ৰতিযোগিতা
নিৰ্বাচনত ভোটাৰক আকৃষ্ট কৰিবলৈ বিধায়িকা গৰাকীয়ে সমষ্টিটোত আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । আনকি, আধাৰশিলা স্থাপনৰ মাজতে বুধবাৰে বিধায়িকা গৰাকীয়ে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ সৈতে অন্তৰংগ মুহূৰ্ত পাৰ কৰা পৰিলক্ষিত হ'ল ৷ বিধায়িকা গৰাকীয়ে যুৱতী গৰাকীক নিজৰ ডিঙিৰ গামোচা পিন্ধাই আকোৱালী লোৱা পৰিলক্ষিত হ'ল ৷
লগতে পঢ়ক :ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা