অসম

assam

ETV Bharat / state

দৰমহাক লৈ গভীৰ সংকটত ৰাজ্যিক কৰ্মচাৰী

ৰাজ‍্যৰ একাংশ মাষ্টাৰৰোল-ওৱৰ্কচাৰ্জড আৰু অস্থায়ী কৰ্মচাৰীয়ে নাপালে মাৰ্চ মাহৰ দৰমহা ৷ বৰ্তমান সংকটাপূৰ্ণ অৱস্থাত আছে ৰাজ‍্যৰ মাষ্টাৰৰোল-ওৱৰ্কচাৰ্জড কৰ্মচাৰীসকলৰ দৰমহা ৷ ৰাজ‍্যৰ গড়কাপ্তানী,জলসিঞ্চন,জনস্বাস্থ‍্য কাৰিকৰী বিভাগকে ধৰি কেইবাটাও বিভাগৰ একাংশ মাষ্টাৰৰোল-ওৱৰ্কচাৰ্জড তথা অস্থায়ী কৰ্মচাৰীসকল উপায়হীন হৈ পৰা দেখা গৈছে ৷

দৰমহাক লৈ গভীৰ সংকটত ৰাজ্যিক কৰ্মচাৰী
দৰমহাক লৈ গভীৰ সংকটত ৰাজ্যিক কৰ্মচাৰী

By

Published : Apr 18, 2020, 2:56 PM IST

কলিয়াবৰ, 18 এপ্ৰিল:দেশত জাৰি কৰা 21 দিনীয়া লক ডাউনৰ পিচতেই পুনৰ ৩ মে'লৈ লক ডাউনৰ সময়সীমা বঢ়াই দিয়াৰ লগে লগে গভীৰ সংকটত পৰিছে দৈনিক শ্ৰমজীৱী,ব‍্যক্তিগত খণ্ডৰ চাকৰিয়াল আৰু ৰাজ‍্যিক কৰ্মচাৰীসকল ৷ কিয়নো ৯ এপ্ৰিলত সমগ্ৰ ৰাজ‍্যতে চৰকাৰী বিষয়া-কৰ্মচাৰী,পেঞ্চনাৰলৈ মাৰ্চ মাহৰ দৰমহা মুকলি কৰি দিছে যদিও একাংশ নিম্ন বেতনভোগী চৰকাৰী কৰ্মচাৰীয়ে আজি পৰ্য‍ন্ত মাহিলী দৰমহাৰ পৰা বঞ্চিত হৈ আছে ।

দৰমহাক লৈ গভীৰ সংকটত ৰাজ্যিক কৰ্মচাৰী

ইয়াৰোপৰি ৰাজ‍্যৰ গড়কাপ্তানী,জলসিঞ্চন,জনস্বাস্থ‍্য কাৰিকৰীবিভাগকে ধৰি কেইবাটাও বিভাগৰ একাংশ মাষ্টাৰৰোল-ওৱৰ্কচাৰ্জড তথা অস্থায়ী কৰ্মচাৰীয়ো দৰমহাক লৈ উপায়হীন পৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : অসম গ্ৰামীণ জীৱিকা আঁচনিৰ অধীনত মাস্ক প্ৰস্তুত

ABOUT THE AUTHOR

...view details