অসম

assam

ETV Bharat / state

বুটৰ ডালিত চিত্ৰ অংকন কৰি ৰেকৰ্ড গঢ়িলে নগাঁৱৰ যুৱকে - নগাঁৱৰ পুৰণিগুদামৰ ভাস্কৰ্য্যপূৰ্ণ গায়ন

নগাঁৱৰ এজন যুৱকৰ অসাধাৰণ প্ৰতিভা ৷ নগাঁৱৰ পুৰণিগুদামৰ ভাস্কৰ্য্যপূৰ্ণ গায়নে ক্ষুদ্ৰ ক্ষুদ্ৰ বুটৰ ডালিত আখৰ লিখাৰ লগতে ভাৰতৰ মানচিত্ৰ, অসমৰ মানচিত্ৰ, জাতীয় পতাকা অংকন কৰি "অসম বুক অফ ৰেকৰ্ড"ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷

state record by Nagaon boy, words and images drawn on pulse
বুটৰ ডালিত চিত্ৰ অংকন কৰি ৰেকৰ্ড গঢ়িলে নগাঁৱৰ যুৱকে

By

Published : Aug 11, 2020, 7:32 PM IST

নগাঁও,11 আগষ্টঃ অসাধাৰণ চিত্ৰ অংকন কৰি অসম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ এজন যুৱকে। বিশেষ প্ৰতিভাৰ অধিকাৰী নগাঁৱৰ পুৰণিগুদামৰ গায়নবৈৰাগী চুকৰ ভাস্কৰ্য্যপূৰ্ণ গায়ন। সৰুৰে পৰা শিল্পকৰ্মৰ সৈতে জড়িত গায়নে শেহতীয়াকৈ কেইটামান ক্ষুদ্ৰ ক্ষুদ্ৰ বুটৰ ডালিত আখৰ লিখাৰ লগতে ভাৰতৰ মানচিত্ৰ, অসমৰ মানচিত্ৰ, জাতীয় পতাকা আদিৰ চিত্ৰ অতি সুক্ষ্মভাবে অংকন কৰি "অসম বুক অফ ৰেকৰ্ড"ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

"অসম বুক অফ ৰেকৰ্ড"ত ভাস্কৰ্য্যপূৰ্ণ গায়নৰ নাম অন্তৰ্ভুক্ত
বুটৰ ডালিত চিত্ৰ অংকন কৰি ৰেকৰ্ড গঢ়িলে নগাঁৱৰ যুৱকে

তাৰোপৰি আহত গছৰ পাতত খোদিত কৰা বিভিন্ন প্ৰকাৰ ভাস্কৰ্যৰ বাবে এতিয়া জিলাখনত চৰ্চাৰ অন্যতম কেন্দ্ৰ বিন্দু হৈ পৰিছে ভাস্কৰ্য্যপূৰ্ণ গায়ন। যুৱকজনে খোৱা চাহ আৰু কফিক ৰং হিচাবে লৈও চিত্ৰ অংকন কৰি আহিছে । তাৰ ভিতৰত অসমীয়াৰ বাপোতিসাহোন বিহুক উপস্থাপন কৰি অংকন কৰা এখন চিত্ৰয়ে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ভাস্কৰ্য্যপূৰ্ণ গায়ন নামৰ যুৱকজন চিত্ৰ শিল্পৰ লগতে সৰুৰে পৰা সত্ৰীয়া নৃত্য আৰু অভিনয়ৰ সৈতেও জড়িত।
লগতে পঢ়কঃদেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ ছাত্ৰী

ABOUT THE AUTHOR

...view details