অসম

assam

ETV Bharat / state

গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ নৱ পদক্ষেপ - জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত

গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে "ঘৰে-ঘৰে পুখুৰী,ঘৰে-ঘৰে মাছ" শীৰ্ষক আঁচনিৰ অধীনত আজি অসমৰ ম‍ৎস্য উৎপাদনৰ ক্ষেত্ৰত সংযোজন হ'ল এক নৱ পদক্ষেপ । কলিয়াবৰৰ উলুৱনীত স্থাপন কৰা হ'ল কলিয়াবৰ একুৱাটেক ৷ পোন প্ৰথমে ইজৰাইলত আৰম্ভ হোৱা পুনৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস্য পালনেৰে ৰাজ্যৰ মৎস্য চাহিদাৰ জোৰা মাৰিব পৰাকৈ নীল বিপ্লৱৰ অংশ স্বৰূপে প্ৰতিষ্ঠা কৰা এই প্ৰকল্পৰ আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ মৎস্য চাহিদা পূৰণৰ লগতে স্ব-নিয়োজনৰ ক্ষেত্ৰত ৰাজ্যলৈ এক যোগাত্মক পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

State Government Initiatives for Development of Rural Economy
গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ নৱ পদক্ষেপ

By

Published : Jun 10, 2020, 8:09 PM IST

কলিয়াবৰ, 10 জুনঃ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা গ্ৰহণ কৰি আহিছে বিভিন্ন কাৰ্যপন্থা৷তাৰেই ভিতৰত গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে "ঘৰে-ঘৰে পুখুৰী,ঘৰে-ঘৰে মাছ" শীৰ্ষক আঁচনিৰ অধীনত আজি অসমৰ ম‍ৎস্য উৎপাদনৰ ক্ষেত্ৰত সংযোজন হ'ল এক নৱ পদক্ষেপ। কলিয়াবৰৰ উলুৱনীত স্থাপন কৰা হ'ল কলিয়াবৰ একুৱাটেক ৷ পোন প্ৰথমে ইজৰাইলত আৰম্ভ হোৱা পুনৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস্য পালনেৰে ৰাজ্যৰ মৎস্য চাহিদাৰ জোৰা মাৰিব পৰাকৈ নীল বিপ্লৱৰ অংশ স্বৰূপে প্ৰতিষ্ঠা কৰা এই প্ৰকল্পৰ আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ মৎস্য চাহিদা পূৰণৰ লগতে স্ব-নিয়োজনৰ ক্ষেত্ৰত ৰাজ্যলৈ এক যোগাত্মক পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ৰাজ্যৰ ক্ৰমবৰ্দ্ধমান নিবনুৱা সম‍স্যা ভাৰাক্ৰান্ত হৈ থকাৰ সময়তে ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীয়ে কৃষি কৰ্ম নিয়োজিত হৈ বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা ল'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ঘৰুৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সকলো সামগ্ৰী ঘৰুৱাভাৱে উৎপাদন কৰি আত্ম-নিৰ্ভৰশীল হ'ব লাগিব বুলিও মন্তব্য কৰে ৷ ইয়াৰ লগতে অসমৰ বজাৰ দখল কৰি দেশ আৰু বিশ্বৰ বজাৰ দখল কৰিবলৈ মানদণ্ডৰ সামগ্ৰী উৎপাদন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য প্ৰকাশ কৰে ৷

গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ নৱ পদক্ষেপ

আনহাতে,আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য,স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ ডিম্বেশ্বৰ দাস,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ লগতে বিভাগীয় বিষয়া-আমোলা ৷

উল্লেখযোগ্য যে,কলিয়াবৰৰ উলুৱনীৰ শৈলেন্দ্ৰ গোস্বামী আৰু মিছাৰ ধনঞ্জয় উপাধ্যায় নামৰ দুই শিক্ষিত যুৱকে দুবছৰৰ আগতে নিজাববীয়া প্ৰচেষ্টাৰে বৈজ্ঞানিক পদ্ধতিৰে কৃত্ৰিমভাৱে পানীৰ টেংকীত মাছ পালন আৰম্ভ কৰিছিল।অসম চৰকাৰৰ মীন বিভাগৰ নীল বিপ্লৱৰ পুনৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস্য পালন আঁচনিৰ জৰিয়তে যুৱকদ্বয়ক প্ৰত্যক্ষভাৱে আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে ৷

লগতে পঢ়কঃ যুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details