অসম

assam

ETV Bharat / state

প্ৰফুল্ল মহন্তৰ সৈতে বিজেপিৰ মিত্ৰতা নহয়: ৰণজিৎ দাস - বিজেপিৰ মিত্ৰতা

নিৰ্মীয়মান অৱস্থাত থকা এছিয়াৰ সৰ্ববৃহৎ লিংগকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ পৰিদৰ্শন ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷ মন্দিৰ উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডী উপস্থিত হোৱা বিষয়ত অজ্ঞতা প্ৰকাশ কৰে সভাপতি দাসে ৷

ranjit das comments
ৰণজিৎ দাসৰ মন্তব্য

By

Published : Feb 8, 2021, 4:45 PM IST

চামগুৰি,8 ফেব্ৰুৱাৰী: নগাঁৱৰ চামগুৰিত সোমবাৰে এখন নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈ বঢ়মপুৰ সমষ্টিৰ ভেৰভেৰিত নিৰ্মীয়মান অৱস্থাত থকা এছিয়াৰ সৰ্ববৃহৎ লিংগকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ পৰিদৰ্শন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ মৃত্যুঞ্জয় মন্দিৰত সাংবাদিকৰে হোৱা কথা-বতৰাত বিজেপি-অগপৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে সভাপতি দাসে ৷

দাসে কয় যে, বিজেপিৰ মিত্ৰতা অগপৰ সৈতেহে, প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে নহয় । যদি বঢ়মপুৰত কোনো বিজেপি প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিয়া হয়, তেন্তে সেইসকলৰ ভিতৰত জিতু গোস্বামী, ৰাজেন গোঁহাই, আংগুৰলতা ডেকাহে থাকিব ৷ গতিকে কাক প্ৰাৰ্থীত্ব দিয়া হ’ব সেয়া জৰীপ তালিকাৰ চাৰিটা বাচনিৰ ওপৰত নিৰ্ভৰ কৰি থিৰাং কৰা হ’ব ৷

ৰণজিৎ দাসৰ মন্তব্য

আনহাতে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অভিনন্দন জনাই সভাপতি ৰণজিৎ দাসে কয় যে, বিজেপিক 100+ মিচনৰ পৰা কোনেও ক্ষতি কৰিব নোৱাৰে । আগন্তুক 27 ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ’ব এই লিংগকাৰ বৃহৎ মন্দিৰটো । মন্দিৰ উদ্বোধন কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডী উপস্থিত হোৱাৰ সন্দৰ্ভত অৱগত নহয় বুলি মত প্ৰকাশ কৰে সভাপতি ৰণজিৎ দাসে ৷

লগতে পঢ়ক :বিদ্যুৎ সংযোগঃ অনলাইনযোগে কামৰ ব্যৱস্থা কৰিব শক্তি বিভাগে

ABOUT THE AUTHOR

...view details