নগাঁও, 28 মে’:বৃহস্পতিবাৰে প্ৰাক্তন সাংসদ তথা অসম বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ নগাঁও স্থিত বাসগৃহত উপস্থিত হয় বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । এই সময়চোৱাত প্ৰাক্তন সাংসদ গৰাকীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় সভাপতি গৰাকী ।
উল্লেখ্য যে, আলোচনা কালত সাংসদ পত্নীৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলাৰ সভাপতি অভিজিৎ নাথ উপস্থিত থাকে । ইয়াৰ পাছতে, সাংবাদিকৰ আগত প্ৰবীন সকলে চৰকাৰ অহাৰ আগতে যথেষ্ট ত্যাগ স্বীকাৰ কৰা বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে । অৱশ্যে, প্ৰবীণ নেতাসকলক দলৰ ৰাজ্যিক দায়িত্ব দিয়াৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব বুলিও তেওঁ মন্তব্য কৰে ।