নগাঁৱত দলিলৰ কৃত্ৰিম নাটনিক লৈ সৰৱ নগাঁও উকীল সংস্থা - নগাঁও
নগাঁৱত দলিলৰ কৃত্ৰিম নাটনিত হাহাকাৰ সাধাৰণ লোক। দহ টকীয়া দলিল বিক্ৰী হয় এশ টকাত। ভেণ্ডৰৰ বিৰুদ্ধে মুনাফা আদায়ৰ অভিযোগ উকীল সংস্থাৰ।
নগাঁও,6আগষ্টঃ দীৰ্ঘদিন ধৰি নগাঁৱত সৃষ্টি হোৱা দলিলৰ নাটনিৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ লোক । একাংশ ভেণ্ডৰে দলিলৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত দলিল বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও জিলা উকীল সংস্থাই । উকীল সংস্থাৰ কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি উত্থাপন কৰে এই অভিযোগ । ইপিনে সংবাদমেলত দলিলৰ কৃত্ৰিম নাটনি সৃষ্টি কৰা কাৰ্যত নগাঁও কোষাগাৰ কৰ্তৃপক্ষৰ ভূমিকাও সন্দেহজনক বুলি অভিযোগ কৰে উকীল সন্থাই । লগতে দহ টকীয়া দলিল নগাঁও আদালত চৌহদত এশ টকা পৰ্যন্ত বিক্ৰী হোৱা বুলিও উভিযোগ উত্থাপন হৈছে ।