নগাঁও, 31 ডিচেম্বৰ : চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৪ৰ পৰা ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব উত্তৰ পূৱ ভাৰতৰ অন্যতম সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন(Srimanta Sankardeva Sangha annual conference ) ৷
দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও চহৰস্থিত মুখ্য কাৰ্যালয়ত পুৱাৰে পৰা বিয়লি ৫ বজা পৰ্যন্ত অনুষ্ঠিত মূল কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Srimanta Sankardeva Sangha Adhiveshan at Naharkatia)। ক'ভিড প্ৰটক'ল অনুসৰি সীমিত পৰিসৰেৰে আৰু মিতব্যয়ীতাৰে এইবৰ্ষৰ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
উল্লেখ্য যে, এইবাৰৰ অধিবেশনত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে যদিও কোনো ধৰণৰ দোকান পোহাৰৰ ব্যৱস্থা নাথাকিব ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে(Shankar sangha executive's pressmeet) ।