অসম

assam

ETV Bharat / state

নগাঁৱত শংকৰদেৱ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন - আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

আগন্তুক 29 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ দুদিনীয়াকৈ গুৰুজনাৰ পবিত্ৰ জন্মভূমি বৰদোৱা আৰু নগাঁৱত অনুষ্টিত হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ ৷ আলোচনা চক্ৰত দেশ-বিদেশৰ প্ৰায় 15 গৰাকী সমল ব্যক্তি তথা পণ্ডিতে বিশেষ বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰায় 300 গৰাকী গৱেষক, অধ্যাপক, ছাত্ৰ-ছাত্ৰীয়ে ভাগ ল’ব ৷

srimanta sankardeva mahotsav and international conclave at nagaon
নগাঁৱত শংকৰদেৱ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

By

Published : Jan 25, 2021, 10:25 PM IST

নগাঁও,25 জানুৱাৰী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু সৃষ্টিক বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ লগতে নৱ প্ৰজন্মক পৰিচয় কৰোৱাৰ উদ্দেশ্যে আগন্তুক 29 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ দুদিনীয়াকৈ গুৰুজনাৰ পবিত্ৰ জন্মভূমি বৰদোৱা আৰু নগাঁৱত আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ ৷

নগাঁৱত শংকৰদেৱ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

সৰ্বভাৰতীয় পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠান মাধৱ সংস্কৃতি ন্যাস আৰু শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ । নগাঁও চহৰৰ পানীগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ লোকসেৱক হলধৰ ভূঞা সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজন কৰা এক সংবাদমেলযোগে উদ্যোক্তা মণ্ডলীয়ে জনায় যে, আগন্তুক 29 জানুৱাৰীত প্ৰথম কাৰ্যসূচী হিচাপে নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ ।

উক্ত আলোচনা চক্ৰত দেশ-বিদেশৰ প্ৰায় 15 গৰাকী সমল ব্যক্তি তথা পণ্ডিতে বিশেষ বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰায় 300 গৰাকী গৱেষক, অধ্যাপক, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব । মহোৎসৱৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক ৰাজীৱ দত্তই মহোৎসৱখনি সফল কৰি তুলিবলৈ অসমবাসীক আহ্বান জনায় ৷

লগতে পঢ়ক :অশ্ৰুসিক্ত নয়নেৰে মেঘালয়ৰ কয়লাখনিত নিহত চাৰি শ্ৰমিকক বিদায়

ABOUT THE AUTHOR

...view details