অসম

assam

By

Published : Oct 7, 2019, 6:28 PM IST

ETV Bharat / state

তিনিদিনীয়া কাৰ্যসূচীৰে পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী

বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্ম জয়ন্তী মহোৎসৱ উপলক্ষে উদুলি-মুদুলি পৰিৱেশ । মূৰ্তি পূজাৰ বিপৰীতে বটদ্ৰৱাত ধ্বনিত হৈছে হৰি নাম আৰু কৃষ্ণ বন্দনা । সোমবাৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুজনাৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী উৎসৱ ।

তিনিদিনীয়া কাৰ্যসূচীৰে পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী

বটদ্ৰৱা, 7 অক্টোবৰঃ তিনি দিনীয়া কাৰ্যসূচীৰে বটদ্ৰৱাত পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্ম জয়ন্তী ৷ হৰি নাম আৰু কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে বটদ্ৰৱাৰ পৰিৱেশ ৷ পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ, দুপৰীয়া নাম প্ৰসংগ ইত্যাদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ ইপিনে আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হয় থিতাতে লিখা ৰচনা প্ৰতিযোগিতা ।

তিনিদিনীয়া কাৰ্যসূচীৰে পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী

বিয়লি জন্মজয়ন্তী উপলক্ষে গুৰুচৰিত পাঠ কাৰ্যসূচীত সত্ৰৰ ভকত বৈষ্ণৱে শ্ৰৱণ কীৰ্তনেৰে এক আধ্যাত্মিক পৰিবেশৰ মাজত সম্পূৰ্ণ কৰে প্ৰথম দিনৰ কাৰ্যসূচী । উল্লেখ্য যে, দ্বিতীয় দিনা পুৱা 9 বজাত আৰম্ভ হ’ব বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে থান প্ৰাংগন আৰু দৌল মন্দিৰত 571 গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী । নিশা নৰোৱা সত্ৰৰ ভকত বৃন্দই পৰিবেশন কৰিব 'চোৱাতন বধ' ভাওনা ৷

ABOUT THE AUTHOR

...view details