অসম

assam

ETV Bharat / state

সৰস্বতী পূজা উপলক্ষে নগাঁৱত উখল মাখল পৰিৱেশ - বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ আশীষ

মঙলবাৰে পুৱাৰে পৰা বাগদেৱীৰ বন্দনাত মুখৰিত হৈ পৰিল নগাঁৱৰ শিক্ষানুষ্ঠানসমূহ । সামান্তৰালকৈ নগাঁৱৰ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়তো পৰিলক্ষিত হয় উখল মাখল পৰিবেশ ৷

sraswati-puja-2021-celebration-at-nagaon
সৰস্বতী পূজা উপলক্ষে নগাঁৱত উখল মাখল পৰিৱেশ

By

Published : Feb 16, 2021, 9:27 PM IST

নগাঁও,16 ফেব্ৰুৱাৰী: বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাক লৈ মঙলবাৰে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে সৃষ্টি হয় উখল-মাখল পৰিৱেশৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ শিক্ষানুষ্ঠান সমুহতো সৰস্বতী পূজা উপলক্ষে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ আশীষ বিচাৰি শিক্ষানুষ্ঠান সমুহত ভিৰ কৰে ছাত্ৰ ছাত্ৰী সকলে ৷ পুৱাৰে পৰা বাগদেৱীৰ বন্দনাত মুখৰিত হৈ পৰিল নগাঁৱৰ শিক্ষানুষ্ঠানসমূহ । সামান্তৰালকৈ নগাঁৱৰ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়তো পৰিলক্ষিত হয় উখল মাখল পৰিবেশ ৷

সৰস্বতী পূজা উপলক্ষে নগাঁৱত উখল মাখল পৰিৱেশ

সৰস্বতী পূজা উপলক্ষে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মাজত দেখা গ'ল পাৰ ভঙা উছাহ । একাংশ ছাত্ৰ ছাত্ৰীয়ে জাতীয় সাজ পৰিধান কৰি আইৰ শৰণত ধূপ-দীপ, নৈবদ্যৰে সেৱা আগবঢ়ায় । সৰস্বতী মন্ত্ৰৰে মুখৰিত হৈ পৰে মহাবিদ্যালয়ৰ পৰিবেশ ৷ আনহাতে ছাত্ৰী ছাত্ৰী সকলৰ মাজত পৰিলক্ষিত হয় সৌন্দৰ্য প্ৰদৰ্শনৰ এক অঘোষিত প্ৰতিযোগিতা ৷

লগতে পঢ়কঃখাৰুপেটীয়াত ভুমি বিবাদক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা

ABOUT THE AUTHOR

...view details