অসম

assam

ETV Bharat / state

কঠিয়াতলীৰ ৰাজপথত অন্তঃসত্বা মানসিক বিকাৰগ্ৰস্ত মহিলা উদ্ধাৰ

নগাঁও জিলাৰ কঠিয়াতলীত বিকৃত মানসিকতাৰ লোকৰ কামনাৰ বলি হ'ল এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা

By

Published : Apr 9, 2019, 2:20 PM IST

কঠিয়াতলীৰ ৰাজপথত অন্তঃসত্বা মানসিক বিকাৰগ্ৰস্ত মহিলা উদ্ধাৰ

বঢ়মপুৰ , 9 এপ্ৰিল ঃ পুনৰ মানৱ সমাজক লজ্জাজনত কৰা ঘটনা পোহৰলৈ আহিছে নগাঁও জিলাৰ কঠিয়াতলীত ৷ কোনো বিকৃত মানসিকতাৰ লোকৰ কামনাৰ বলি হয় এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা ৷ মহিলা গৰাকী পিচত অন্তঃসত্বা হোৱাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । অৱশ্যে স্থানীয় লোকৰ খবৰৰ ভিত্তিত নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ লোক উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে ৷ লগতে মহিলা গৰাকীৰ চিকিৎসাৰ সুব্যৱস্থা কৰাৰ লগতে সম্পূৰ্ণ ভৰণ পোষণৰ দায়িত্ব ল'ব বুলিও সাংবাদিকক আইন সেৱা প্ৰাধিকাৰীয়ে জানিবলৈ দিয়ে ৷

কঠিয়াতলীৰ ৰাজপথত অন্তঃসত্বা মানসিক বিকাৰগ্ৰস্ত মহিলা উদ্ধাৰ

ABOUT THE AUTHOR

...view details