অসম

assam

ETV Bharat / state

Summer Workshop at Kaliabor:কলিয়াবৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভণি - special summer workshop at kaliabor

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যজুৰি গ্ৰীষ্মকালীন কৰ্মশালা । আজিৰে পৰা কলিয়াবৰৰ দুটা স্থানত কৰ্মশালা আৰম্ভ ।

Summer Workshop at Kaliabor
পৰম্পৰাগত লোক নৃত্যৰ প্ৰশিক্ষণ

By

Published : Jul 20, 2023, 8:03 PM IST

পৰম্পৰাগত লোক নৃত্যৰ প্ৰশিক্ষণ

কলিয়াবৰ, ২০ জুলাই:গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ছাত্র-ছাত্রীক সুকুমাৰ কলাৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে গ্ৰীষ্মকালীন কৰ্মশালাৰ আৰম্ভ কৰা হৈছে । বৃহস্পতিবাৰে কলিয়াবৰৰ দুটা স্থানত এই গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয়। কুঁৱৰীটোল উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লীজা তালুকদাৰ আৰু জিলা সাংস্কৃতিক পৰিক্ৰমা বিষয়া সৌৰভ পানীফুকন উপস্থিত থাকে।

গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ লক্ষ‍্যৰে অনুষ্ঠিত কৰ্মশালাত কলিয়াবৰৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । কলিয়াবৰ বিধানসভা সমষ্টিত হোৱা দুটা কৰ্মশালাৰ সত্ৰীয়া নৃত‍্য কৰ্মশালা অনুষ্ঠিত হৈছে কুঁৱৰীটোল উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত । আনহাতে, অঙ্কীয়া গীত আৰু বৰগীতৰ কৰ্মশালা অনুষ্ঠিত হৈছে কলিয়াবৰ উচ্চতৰ বালিকা বিদ‍্যালয়, হাটবৰত ।

উল্লেখযোগ্য যে বিধানসভা সমষ্টিভিত্তিক এই গ্ৰীষ্মকালীন কৰ্মশালা ৰাজ্যৰ ১২৬ টা বিধান সভা সমষ্টিৰ ২৫২ টা স্থানত অনুষ্ঠিত কৰা হৈছে । ঘাইকৈ এই কৰ্মশালাত নাটক, আবৃত্তি, সত্ৰীয়া নৃত্যৰ লগতে পৰম্পৰাগত লোক নৃত্যৰ প্ৰশিক্ষণ ছাত্র-ছাত্ৰী সকলক প্ৰদান কৰা হ'ব । যোৱা ১৫ জুলাইৰ পৰা দহ দিনৰ বাবে অনুষ্ঠিতব্য এই কৰ্মশালাৰ বাবে স্থানীয়ভাৱে প্ৰশিক্ষক নিয়োজিত কৰা হৈছে ।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসন সমূহৰ সহযোগত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলক বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন দহ দিনীয়া এই কৰ্মশালাৰ আয়োজন কৰা হৈছে । এই কৰ্মশালাত ছাত্ৰ-ছাত্ৰী সকলক বিশেষজ্ঞৰ দ্বাৰা নাটক, তৰ্ক, কবিতা, সত্ৰীয়া নৃত্য, লোক আৰু পৰম্পৰাগত নৃত্য ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য় যে প্ৰতিখন জিলাতে আয়োজন কৰা এই কৰ্মশালাৰ যোগেদি ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতিৰ আদান-প্ৰদানৰ ক্ষেত্রতো গুৰুত্ব দিয়া হৈছে । এই কৰ্মশালাৰ যোগেদি শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:Special workshop in Assam: শিক্ষাৰ্থীৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ গ্ৰীষ্মকালীন কৰ্মশালা

ABOUT THE AUTHOR

...view details