চামগুৰি, 12 ছেপ্টেম্বৰ : ভাৰত চৰকাৰৰ ডাক বিভাগৰ নিৰ্দেশ অনুসৰি সোমাবৰে নগাঁও জিলাৰ চামগুৰিত আয়োজন কৰা হয় ডাগ বিভাগৰ এখন বিশেষ সভা ৷ চামগুৰিৰ সমীপৱৰ্তী কাৱৈমাৰী গাঁও পঞ্চায়তৰ প্ৰাংগণত অনুষ্ঠিত নগাঁও পূব উপ ডাক সংমণ্ডলে ডাক কমিউনিটি ডেভেলপমেন্ট প্ৰগ্ৰেমৰ এই বিশেষ সভাখনত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় ৷
চৰকাৰী আঁচনিসমূহত ৰাইজক যুক্ত কৰা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলে মিলি সকলো চৰকাৰী আঁচনিৰ ৰূপায়ণৰ পৰিকল্পনা কৰা, চৰকাৰী কামৰ এটা মৰ্যদাপূর্ণ নাম গঢ়া, তথ্যৰ আদান প্ৰদান কৰা, সৰ্বস্তৰৰ ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰা, সমূহীয়া উন্নয়নত অংশগ্ৰহণ কৰা ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হয় এই বিশেষ সভাখনত ৷
উল্লেখ্য যে, ভাৰতীয় ডাক বিভাগে, ভাৰত চৰকাৰৰ সেৱা প্ৰদানকাৰী বিভাগ হিচাপে, দেশৰ প্ৰতিজন নাগৰিকৰ বাবে 1 অক্টোবৰ 1854 চনৰ পৰা 168 বছৰে সেৱা আগবঢ়ায় আহিছে । শেহতীয়াকৈ ডাক কমিউনিটি ডেভলপমেন্ট প্ৰগ্ৰেমৰ জৰিয়তে ডাকঘৰৰ নতুন সেৱাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ডাক বিভাগে । ইয়াৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সেৱা প্ৰদান আৰু ৰূপায়ণৰ ক্ষেত্ৰত ঐক্যবদ্ধ পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰা হৈছে ।