নগাঁও,11 নৱেম্বৰ:নগাঁও চহৰৰ পৰা মাত্ৰ 10 কিল’মিটাৰ দূৰত্বৰ ৰূপহীহাটৰ ঔঅনাত আছে এখন বিশেষ পাণ দোকান ৷ বাৰাণসীৰ পৰা ছমহীয়া পাণ প্ৰস্তুতৰ প্ৰশিক্ষণ লৈ নলতলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে পাণ দোকানেৰে স্ব-নিৰ্ভৰশীল হ’বলৈ প্ৰয়াস চলাইছে মুকচেদুল ইছলাম নামৰ এগৰাকী যুৱকে ৷ যুৱকগৰাকীয়ে নানান ধৰণৰ পাণ প্ৰস্তুত কৰি গ্ৰাহকক আকৰ্ষণৰ চেষ্টা চলাইছে ৷ মুকচেদুলৰ দোকানত উপলব্ধ হৈছে ষ্ট্ৰ’বেৰী, আম, কমলা, চকলেট আদি বিভিন্ন স্বাদৰ পাণ ৷ সোৱাদ অনুসৰি পাণৰ দামো ভিন্ন ভিন্ন ৷
মুকচেদুলৰ দোকানত পোৱা যায় ফায়াৰ পাণ, আইচক্ৰীম পাণ আদি ৷ যিবোৰ পাণে গ্ৰাহকক যাচিব পাৰে অন্য এক ৰুচি ৷ মুকচেদুলৰ দোকানত গ্ৰাহকৰ ভিৰো যথেষ্ট ৷ নগাঁৱৰ উপৰিও শোণিতপুৰ, কাজিৰঙা, যোৰহাট আদি বিভিন্ন ঠাইৰ পৰা গ্ৰাহক আহে এই পাণৰ সোৱাদ ল’বলৈ ৷ নগাঁও-নলতলী ৰাজ্যিক পথেৰে অহা-যোৱা কৰা বহু বাটৰুৱাই এপাক সোমাই যায় মুকচেদুলৰ দোকানৰ পাণৰ জুতি ল’বলৈ ৷