অসম

assam

By

Published : Sep 16, 2021, 4:54 PM IST

ETV Bharat / state

হাতী মানুহৰ সংঘাট ৰোধৰ বাবে "আৰণ্যক"ৰ বিশেষ পদক্ষেপ

ৰাজ্যৰ বহু কেইখন জিলাৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে হস্তী-মানুহৰ সংঘাট তথা বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ প্ৰতিদিনে বৃদ্ধি পোৱা এই সংঘাট ৰোধ কৰাৰ বাবে আগবাঢ়ি আহিছে "আৰণ্যক" নামৰ ৰাজ্যৰ এটি আগশাৰীৰ প্ৰসিদ্ধ স্বেচ্ছাসেৱী সংস্থা ৷

special-measures-taken-by-aronyak-to-prevent-elephant-conflict
হাতী মানুহৰ সংঘাত ৰোধৰ বাবে "আৰণ্যক"ৰ বিশেষ পদক্ষেপ

চামগুৰি,16 ছেপ্তেম্বৰ:দীৰ্ঘদিন ধৰি হস্তী-মানৱৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে চামগুৰি, বঢ়মপুৰকে ধৰি নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলত ৷ অতিশয় চিন্তনীয় হৈ উঠা এই সমস্যাটো মষিমূৰ কৰিবলৈ আগবাঢ়ি আহিছে "আৰণ্যক" নামৰ ৰাজ্যৰ এটি আগশাৰীৰ প্ৰসিদ্ধ স্বেচ্ছাসেৱী সংস্থা ৷ বন্যহস্তীয়ে চলোৱা উপদ্ৰৱ আক্ৰান্ত অঞ্চলৰ ৰাইজক সকাহ প্ৰদানৰ কৰাৰ লগতে বন্যহস্তীৰ সৈতে মানুহৰ বন্ধুসূলভ সহাৱস্থান কেনেকৈ সম্ভৱপৰ কৰি তুলিব পাৰি তাৰ বাবে কাম কৰি আছে সংস্থাটোৱে ৷

হাতী মানুহৰ সংঘা ৰোধৰ বাবে "আৰণ্যক"ৰ বিশেষ পদক্ষেপ

এই "আৰণ্যক"নামৰ সংস্থাটোৱে বৃহস্পতিবাৰে নগাঁও জিলা বন বিভাগৰ সহযোগত চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত এখন সজাগতা সভাৰ আয়োজন কৰে ৷ সংস্থাটোৱে সভাত প্ৰায় 22 খনকৈ স্থানীয় 'অৰণ্য সুৰক্ষা সমিতি'ৰ বিষয়ববীয়াৰ লগত মিলিত হৈ বৰ্ধিত হস্তী-মানৱৰ সংঘাটৰ বিষয়টো বিশদভাৱে আলোচনা কৰে ৷ সভাখনতে সংস্থাটোৱে নিশা বন্যহস্তী খেদাত গঞা ৰাইজৰ সুবিধা হোৱাকৈ কেইবাটাও বিশেষ ক্ষমতা সম্পন্ন টৰ্চ লাইট প্ৰদান কৰে ৷

নিশা বন্যহস্তী খেদা আৰু নিজৰ গাওঁ খনৰ খেতিবাতিত নিশা পহৰা দিব পৰাকৈ প্ৰতিখন 'সুৰক্ষা কমিটি'ৰ উপস্থিতত এই টৰ্চ লাইট কেইটা বিতৰণ কৰা হয় ৷

ইফালে বন্যহস্তীয়ে উপদ্ৰৱ চলোৱা অঞ্চলৰ ৰাইজক সকাহ প্ৰদান কৰাৰ লগতে বন্যহস্তীৰ সৈতে মানুহৰ বন্ধুসূলভ সহাৱস্থান কেনেকৈ সম্ভৱপৰ কৰি তুলিব পাৰি সেই পৰিবেশ গঢ়ি তুলিবলৈ অনাগত দিনবোৰত প্ৰয়াস কৰিবৰ বাবে পৰিকল্পনা হাতত ল'বলৈও ইচ্ছা প্ৰকাশ কৰাৰ কথা সদৰি কৰে "আৰণ্যক"ৰ বিষয়ববীয়া সকলে ৷ ইয়াৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোত বৰ্তমান পৰিস্থিতিতকৈ হস্তী-মানৱৰ সংঘাট তুলনামূলকভাৱে হ্ৰাস হ'ব বুলি ঘোৰ আশাবাদী "আৰণ্যক" তথা বন বিভাগৰ উৰ্ধ্বতম কৰ্তৃপক্ষ ৷

লগতে পঢ়কঃফেৰী দুৰ্ঘটনা : উচিত তদন্তৰ দাবী মাজুলী যুৱ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details