ৰহা, ১৮ অক্টোবৰ: শাৰীৰিক বাধাকো নেওচি একাগ্ৰতাৰে সাহিত্য কৰ্মত নিজকে নিয়োজিত কৰা নগাঁৱৰ জোৱলা বৰালৈ আগবঢ়োৱা হৈছে বিশেষ সাহিত্য প্ৰতিভা বঁটা । অসমৰ যুৱ সাহিত্যিকসকলৰ ভিতৰত অন্যতম জোৱলা বৰাক ২০২০-২০২১ বৰ্ষৰ দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয় । দেওবাৰে সাহিত্যিকগৰাকীৰ কুজাবৰিস্থিত নিজা বাসগৃহত আয়োজিত এক অনুষ্ঠানত দেৱচন্সৰ গ্ৰুপৰ হৈ এই বঁটা প্ৰদান কৰে ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু পৰিয়াল বৰ্গই ।
এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, অংগ বস্ত্ৰ আৰু এক লাখ টকাৰ চেক । বঁটা প্ৰদান অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী । কোচ ৰজা বলিনাৰায়ণৰ পৰিনাতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ একান্ত প্ৰচেষ্টাত বিশেষ সক্ষম ব্যক্তিসকলৰ প্ৰতিভা বিকাশ কৰিবলৈ মানসিক আৰু আৰ্থিকভাৱে সহায় কৰাৰ বাবে প্ৰতি বছৰে বিশেষভাৱে সক্ষম ব্যক্তিক ২০১৫ চনৰ পৰা দেৱচন্স বঁটা প্ৰদান কৰা হৈছে । ইয়াৰ পূৰ্বে ৰশ্মিৰেখা ভূঞা, জেছমিন আৰা বেগম, শৰ্মীষ্ঠা প্ৰীতম, ধ্ৰুৱজ্যোতি দাসক এই বঁটা প্ৰদান কৰা হৈছিল ।