অসম

assam

By

Published : Aug 14, 2021, 10:48 PM IST

ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে নগাঁৱত ক'ভিড ভেকচিনৰ বিশেষ ব্যৱস্থা

দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ স্বাধীনত দিৱস উপলক্ষে 15 আগষ্টৰ দিনটোত জিলাখনৰ কেইবাটাও কেন্দ্ৰত প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন ৷

special-arrangements-for-covid-19-vaccine-in-nagaon-on-independence-day
স্বাধীনতা দিৱস উপলক্ষে নগাঁৱত ক'ভিড ভেকচিনৰ বিশেষ ব্যৱস্থা

নগাঁও, 14 আগষ্ট : দেশৰ 75 তম স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক বিশেষ টীকাকৰণ অভিযান ৷ অভিযানৰ অংশস্বৰূপে জিলাখনৰ 18 বছৰৰ উৰ্ধৰ নাগৰিকসকলৰ মাজত ক'ভিডৰ প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা প্ৰদান কৰিব নগাঁও জিলা প্ৰশাসনে ৷ জিলাখনৰ কেইবাটাও ক'ভিড টীকাকৰণ কেন্দ্ৰত 15 আগষ্ট তাৰিখে পুৱা 11 বজাৰ পৰা বিয়লৈ 4 বজালৈ টীকা প্ৰদান কৰা হ'ব।

ইতিমধ্যেই প্ৰশাসনে জনোৱা মতে, কলিয়াবৰ মহকুমাৰ অন্তৰ্গত জখলাবন্ধা হাইস্কুল আৰু নলতলী এম.পি.এইছ.চি আৰু নগাঁও চহৰ এলেকাৰ নগাঁও মহাবিদ্যালয় আৰু মাৰোৱাৰী পঞ্চায়ত ভৱনৰ ক'ভিড টীকাকৰণ কেন্দ্ৰত এই টীকা প্ৰদান কৰা হ'ব ।

তদুপৰি জিলাখনৰ গ্ৰাম্য ক'ভিড টীকাকৰণ কেন্দ্ৰ ক্ৰমে-সুনাৰিঘাট প্ৰাথমিক বিদ্যালয়, কাটিমাৰি দলনী পথাৰ প্ৰাথমিক বিদ্যালয়, বাৰপুজিয়া ব্লক পি.এইছ.চি, ৰহা এছ.এইছ.চি,বাটমাৰী হাইস্কুল,ধিং গাঁও নেহেৰু জাতীয় বিদ্যালয়তো টীকা প্ৰদান কৰা হ'ব ৷

লগতে বটদ্ৰৱা এম.পি.এইছ.চি, ধিং পি.এইছ.চি, ৰাঙলু হাইস্কুল, উৰিয়া গ্ৰাণ্ট টুবুকি প্ৰাথমিক বিদ্যালয়, চামগুৰি পি.এইছ.চি, চিমনাবস্তি পি.এইছ.চি আৰু নাঙল ধোৱা ছোৱালী এম.ই.স্কুলত পুৱা 3-30 বজাৰ পৰা বিয়লি 4 বজালৈ ক'ভিডৰ টীকা প্ৰদান কৰা হ'ব ৷

লগতে পঢ়কঃস্বাধীনতা দিৱস: টিংখাঙত পাকঘৰ এৰি গাঁওৰক্ষাত নামিল এদল মহিলা

ABOUT THE AUTHOR

...view details