নগাঁও, 14 জুলাই :এনকাউণ্টাৰ(Police Encounter) সন্দৰ্ভত মানৱ অধিকাৰৰ আয়োগৰ তদন্ত বিচাৰিছে নগাঁও জিলাৰ আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ই ৷ বিগত কেইদিন ধৰি আটক হোৱা অভিযুক্তক আৰক্ষীয়ে গুলি চালনা কৰা বিষয়টোৱে সমগ্ৰ ৰাজ্যতে ব্যাপক চৰ্চা লাভ কৰিছে ৷ কেৱল চৰ্চাই নহয়, এই বিষয়ত বিৰোধীয়েও শাসক পক্ষক বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন কৰিছে ৷
বিশেষকৈ নগাঁৱৰ ধিং শালিকাটিৰ জয়নাল আবেদিন নামৰ এজন অভিযুক্তৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱাক লৈ তিনিগৰাকীকৈ বিধায়কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আনন্দ মিশ্ৰৰ বিৰুদ্ধেও তদন্ত হ’ব লাগে বুলি মন্তব্য কৰিছে ৷ বিধায়ক কেইগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাচতে জয়নাল আবেদিনৰ মৃত্যুৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ জয়নাল আবেদিনক একাংশই নিৰ্দোষী বুলি দাবী কৰা সময়তে আনন্দ মিশ্ৰই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷